|
যি সময়ত আলফা স্বাধীনৰ লগত ৰাজ্য চৰকাৰৰ আলোচনা প্ৰক্ৰিয়া আগবাঢ়িছে , ঠিক সেইসময়তে আলফা স্বাধীনত অধিক সংখ্যক নতুন যুৱকৰ সংগঠনটোত যোগদানে সমগ্ৰ ৰাজ্যতে ব্যাপক চাঞ্চল্যকৰ সৃষ্টি কৰিছে। এইবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৮ জনকৈ যুৱকে সংগঠনটোত যোগদান কৰা কথা পোহৰলৈ আহিছে। কেইবাটাও পৰিয়ালে সন্ধানহীন হৈ থকা লোকৰ বাবে চিন্তিত হৈ সন্দেহ প্ৰকাশ কৰিছে যে সন্ধানহীন হোৱা ঘৰৰ সদস্যজন আলফা স্বাধীনত যোগ কৰা বুলি আৰু ইতিমধ্যে বিশেষ সূত্ৰৰ পৰা কেইজনমান সন্ধানহীন যুৱকৰ সংগঠনটোত যোগদানৰ কথা নিশ্চিত কৰিছে।
মানৱ ডেকা নামৰ অভিযন্তা যুৱকজন গুৱাহাটী মহানগৰীৰ বাসিন্দা আৰু যোৱা ৫ মে’ৰ পৰা তেওঁ সন্ধানহীন হৈ আছে। আনহাতে ওদালগুৰিৰ হিমাংশু ভূঞা, ওদালগুৰিৰ সীমান্ত এলেকাৰ বাহমোল্লাৰ জাকাৰিয়া আহমেদ আৰু মৰাণৰ খোৱাং চৰাইহাবিৰ অভিলেখ বৰাই আলফাত যোগদান কৰা কথা নিশ্চিত হৈছে আৰু সংগঠনটোৰ শিবিৰত উপস্থিত হৈছেগৈ। শেহতীয়াকৈ সন্ধানহীন হোৱা গোলাঘাটৰ পদ্ম গগৈ, বাকসা শালবাৰিৰ উদ্ধৱ দাসৰ লগতে আন বহুকেইজন লোকে আলফাত যোগদান কৰাৰ কথা পোহৰলৈ আহিছে।
|
|
|