গুৱাহাটী, ১৮ জানুৱাৰী:আজিৰে পৰা তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হ’ব ঐতিহাসিক গোভা দেওঁ ৰজাৰ পৰম্পৰাগত জোনবিল মেলা। পুৱাৰ পৰাই মেলালৈ আগমন ঘটিছে পাহাৰৰ মামা-মামীৰ। লগত তেওঁলোকে লৈ আহিছে পাহাৰত উৎপাদিত কৃষি দ্ৰব্য আদা, হালধী, লাও, কোমোৰা আদি।আৰু কাইলৈ কাহিলী পুৱাতে সম্পাদন হ’ব ঐতিহাসিক বিনিময় প্ৰথাৰ। এই জোনবিলতে সমূহীয়া মাছ ধৰা পৰ্বও অনুষ্ঠিত হ’ব।অহা ২০ জানুৱাৰীত জোনবিল মেলাৰ সামৰণি পৰিব।