২৪ মাৰ্চৰ পৰা মুম্বাইত আৰম্ভ হ’ব নৰ্থ ইষ্ট ফিল্ম ফেষ্টিভেল।এই ফিল্ম ফেষ্টিভেলত অসম আৰক্ষীৰ শীৰ্ষ বিষয়া পাৰ্থ সাৰথি মহন্তৰ দুটা লিখনি ষ্ক্ৰিণিং কৰা হ’ব।
উত্তৰ – পূৰ্বাঞ্চলৰ সৰ্বমুঠ ৫০ খন চলচিত্ৰৰ ভিতৰত পাৰ্থ সাৰথি মহন্তৰ দুটা লিখনিয়ে স্থান লাভ কৰিছে । তেওঁৰ ‘বহাগ বহাগ মন’ আৰু ‘লাচিত দ্যা ৱাৰিয়াৰ’ নামৰ লিখনি দুটা অডিঅ, ভিডিঅ’ ষ্ক্ৰিণিং কৰা হ’ব মুম্বাইৰ ফিল্ম ফেষ্টিভেলত।
লাচিত দ্যা ৱাৰিয়ৰ প্ৰকৃততে এনিমেছন ভিত্তিক লাচিত বৰফুকৰ জীৱনীমূলক তথ্যচিত্ৰ।এই তথ্যচিত্ৰখনত লাচিতৰ জন্ম, বংশ, তেওঁৰ অসাধাৰণ বীৰত্ব আৰু মাতৃভূমিৰ প্ৰতি কৰা ত্যাগ আৰু প্ৰেমক অসামান্য ৰূপত বৰ্ণনা কৰা হৈছে।উল্লেখ্য যে, ২৪ মাৰ্চৰ পৰা এই ফিল্ম ফেষ্টিভেল ২৬ মাৰ্চ পৰ্যন্ত অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে লাচিত দ্যা ৱাৰিয়ৰ নামৰ লিখনি়টো দিল্লীত অনুষ্ঠিত হোৱা লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীত প্ৰদৰ্শন কৰা হৈছিল।এই জীৱনীমূলক লেখনিটো হিন্দী ভাষাত পাঠ কৰিছিল বলিউডৰ জনপ্ৰিয় অভিনেতা অনুপম খেড়ে আৰু অসমীয়া ভাষাত পাঠ কৰিছে বিশিষ্ট শিক্ষাবিদ তথা আবৃত্তিকাৰ ড০ অমৰজ্যোতি চৌধুৰীয়ে।