বাতিল কৰা হ’ল অসমলৈ অহা দুখনকৈ ৰে’লৰ চলাচল

Share

শুক্ৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত উৰিষ্যাৰ বালাচোৰ জিলাত সংঘটিত হয় এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা ।  বালচোৰৰ বাহানাগা ষ্টেচনৰ সমীপত কৰমণ্ডল এক্সপ্ৰেছ আৰু মালবাহী ৰে’লৰ মাজত মুখামুখি সংঘৰ্ষ হয়। । যাত্ৰীবাহী ৰে’লখনৰ দুৰ্ঘটনাৰ ফলত বহু যাত্ৰী আৱদ্ধ হৈ পৰাৰ লগতে শ শ লোকে মৃত্যুক আকোঁৱালি ল’ব লগা হয় আৰু বহু যাত্ৰী আঘাতপ্ৰাপ্ত হয়। শনিবাৰে পুৱালৈকে মৃতকৰ সংখ্যা ২৮৮ জনলৈ বৃদ্ধি হয় আৰু আহত লোকৰ সংখ্যাও বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ বৰ্তমানলৈকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

এই ঘটনাৰ পৰিপ্ৰেক্ষিতত দেশত ৪৮ খনকৈ ৰে’ল চলাচল বাতিল কৰা হৈছে। ইয়াৰে ভিতৰত অসমলৈ অহা দুখনকৈ ৰে’লৰ চলাচল বাতিল কৰা হৈছে । ৰে’ল বিভাগে ভাৰতৰ ৩৯ খনকৈ ৰে’লৰ যাত্ৰাপথো সলনি কৰিছে। ইয়াৰে ভিতৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ অহা ৰে’লৰ সংখ্যা ৫ খন। অসমলৈ অহা বাতিল কৰা ৰে’ল দুইখন হ’ল-

২ জুনৰ 12509 SMVT BENGALURU- GUWAHATI SUPERFAST EXPRESS আৰু আজি পুৱাৰ 12551 SMVB BENGALURU-KAMAKHYA AC SUPERFAST EXPRESS । আনহাতে, উত্তৰ-পূৰ্বাঞ্চললৈ অহা ৰে’লৰ কেইখন ক্ৰমে- ১ জুনত যাত্ৰা কৰা 12509 SMVT BENGALURU- GUWAHATI SUPERFAST EXPRESS। ২ জুনত  যাত্ৰা কৰা ৰে’লৰ কেইখন- 15929 Tambaram-New Tinsukia EXPRESS, 7047 DIBRUGARH- Secunderabad Special,  12503 SMVB- AGARTALA HUMSAFAR EXPRESS, 7029 AGARTALA- SECUNDERABAD SPECIAL

Leave a Reply

Your email address will not be published. Required fields are marked *