নিজৰ জীৱনৰ কথা নাভাবি কৰ্তব্য পালনত ব্যস্ত দুগৰাকী অসমৰ নাৰ্ছৰ

Share

দেওবাৰে সন্ধিয়া সমগ্ৰ অসম কঁপাই তুলা ৫.৯ প্ৰাবল্যৰ ভূমিকম্পৰ সময়তো নগাঁৱৰ এখন চিকিৎসালয়ৰ নাৰ্ছসকলে নৱজাত শিশুৰ জীৱন ৰক্ষা কৰাৰ সাহস দেখুৱালে। যি সময়ত সকলোৱে নিজৰ জীৱন ৰক্ষা কৰিবলৈ, কোনোবাই যদি অট্টালিকাৰ সাত মহলাৰ পৰা ভূমি মহলালৈ আহিবলৈ চেষ্টা কৰিছিল, কোনোবাই আকৌ সন্তানক কোলাত লৈ ঘৰৰ ভিতৰৰ পৰা দৌৰিছিল মুকলি ঠাইলৈ| সেই সময়ত নগাঁৱৰ এখন চিকিৎসালয়ত দায়িত্বত থকা দুগৰাকী নাৰ্ছে দিলে নিজৰ সাহসিকতাৰ পৰিচয়।

নগাঁৱৰ আদিত্য নামৰ এখন নাৰ্ছিং হোমত ভূমিকম্পৰ প্ৰচণ্ড কঁপনিৰ মাজতো দুয়োগৰাকী নাৰ্ছে NICUত থকা শিশুকেইটাক সুৰক্ষিত কৰি ৰাখিবলৈ এক মুহূৰ্তও পলম কৰা নাছিল।  দুয়োগৰাকী নাৰ্ছে লগে লগে বুদ্ধি প্ৰয়োগ কৰি প্ৰথমে শিশুকেইটিৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিলে। নাৰ্ছ দুগৰাকীয়ে  কেঁচুৱাকেইটাৰ বিচনাকেইখন জোৰকৈ ধৰি ৰাখিছিল যাতে কোনো দুৰ্ঘটনা সংঘোতিত নহয়।নাৰ্ছ দুগৰাকী হৈছে নগাঁৱৰ লক্ষ্মীমণি দাস আৰু মৰিগাঁৱৰ পৰিস্মিতা বৰা |

এই ঘটনাই নাৰ্ছৰ পেছাৰ মৰ্যাদা আৰু ত্যাগৰ মহত্ত্বক পুনৰ দাঙি ধৰিছে । যিসময়ত স্বাস্থ্যসেৱাৰ ব্যৱসায়ীকৰণৰ অভিযোগে সমাজত হতাশাৰ সৃষ্টি কৰিছে, তেনে সময়ত লক্ষ্মীমণি আৰু পৰিস্মিতাৰ এই কৰ্মই প্ৰমাণ কৰিছে যে মানৱতা আৰু কৰ্তব্যনিষ্ঠা এতিয়াও জীয়াই আছে। ।লক্ষ্মীমণি আৰু পৰিস্মিতাৰ এই সাহস আৰু মমতাৰ কাহিনী কেৱল নগাঁৱৰে নহয়, সমগ্ৰ অসমৰ বাবে এক গৌৰৱৰ বিষয়। তেওঁলোকৰ এই কৰ্মই ভৱিষ্যতৰ নাৰ্ছসকলৰ বাবে এক প্ৰেৰণাৰ উৎস হৈ ৰ’ব ।মুহূৰ্ততে ভাইৰেল হৈ পৰিছিল ছ’চিয়েল মিডিয়াত তেওঁ লোকৰ সাহসীকতাৰ সেই দৃশ্য।

Leave a Reply

Your email address will not be published. Required fields are marked *