আজি দিল্লীত অনুষ্ঠিত হ’ব আলফা নেতৃত্বৰে দুখনকৈ বৈঠক

Share

আজি দিল্লীত অনুষ্ঠিত হ’ব আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত দুখনকৈ বৈঠক। ইতিমধ্যে দিল্লীত বৃহস্পতিবাৰৰ পৰা বাহৰ পাতি আছে আলোচনাপন্থী আলফাৰ চাৰিজন শীৰ্ষ নেতা।

১৭ আগষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলোচনাত মিলিত হোৱাৰ বাবে নতুন দিল্লীত উপস্থিত হয়। লগতে উপস্থিত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ। উল্লেখ্য যে আজি দিল্লীত আলফা নেতৃত্বৰে দুখনকৈ বৈঠকত অংশ ল’ব কেন্দ্ৰীয় গৃহ মন্ত্ৰণলায়ে। উক্ত বৈঠকত আলফা নেতৃত্বই উত্থাপন কৰি অহা দাবীৰ ওপৰত আলোচনা কৰা হ’ব।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি আলফা- চৰকাৰৰ আলোচনা চলি আহিছে যদিও কোনো ধৰণৰ মীমাংসাত উপনীত হ’ব পৰা নাই। ২০০৯ চনৰ ৩০ নৱেম্বৰত বাংলাদেশত গ্ৰেপ্তাৰ কৰা হৈছিল আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাক। পৰৱৰ্তী সময়ছোৱাত ভাৰত চৰকাৰক হস্তান্তৰ কৰা হৈছিল আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাক। ইয়াৰ পিছতে আলফাৰ বহু কেইজন নেতাই আলফা ত্যাগ কৰে আৰু চৰকাৰৰ সৈতে আলোচনাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *