ছাদ্দাম হুছেইন, ২১ অক্টোৱৰঃ শিলচৰ আইএছবিটিত অসম চৰকাৰৰ জলজীৱন মিচন আঁচনিৰ পোষ্টাৰত সমৰ দাস আৰু ৰাজু দেৱ নামৰ দুই গৰাকী তথাকথিত বঙালী নেতাই ক’লা ৰং সানিছিল। দুয়োগৰাকী নেতাৰ দাবী আছিল বৰাকত যিহেতু চৰকাৰী ভাষা বাংলা সেই হেতুকে বৰাকত কেৱল বাংলা ভাষাতহে বেনাৰ, পোষ্টাৰ আদি চলিব।
এই ঘটনাৰ পিছত সমগ্ৰ অসমতেই দল- সংগঠন বোৰে বিভিন্ন প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ণ কৰে আৰু বহুতে সমালোচনা কৰি কয় যে অসমতেই অসমীয়া ভাষাৰ বিপৰ্যয় তথা সংকট নামি আহিছে।
এই প্ৰতিবাদৰ অন্তত কাছাৰ আৰক্ষীয়ে অৱশেষত দুয়োগৰাকী নেতাক আটক কৰিছিল যদিও বৃহস্পতিবাৰে ৪৮ ঘন্টা পাৰ নহওতেই দুয়োগৰাকীয়ে জামিনত মুক্তি লাভ কৰে।