ডিজিটেল ডেস্কঃ নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা। চিকিৎসালয়ৰ পৰা সন্ধানহীন হ’ল দুই শিশু। দুদিন পূৰ্বে চিকিৎসালয়ৰ পৰা সন্ধানহীন হৈছিল মহিলাএগৰাকীৰ দুই সন্তান। অগ্নিদগ্ধ হৈ শল্য চিকিৎসা বিভাগত ভৰ্তি হৈ আছিল মাতৃ কৰুণা।
নিশা চিকিৎসালয়খনত মৃত্যু ঘটে মহিলাগৰাকীৰ। তাৰ পিছতে দুই সন্তানক বিচাৰি হাহাকাৰ চিকিৎসালয় কৰ্তৃপক্ষৰ। এই ঘচনাটোক লৈ চিকিৎসালয়খনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। বৰ্তমানলৈ মহিলাগৰাকীৰ মৃতদেহ ল’বলৈ অহা নাই পৰিয়ালৰ লোক।