ভাৰতৰ জনপ্ৰিয় ৰন্ধন ৰিয়েলিটি শ্ব মাষ্টাৰচেফ ছিজন ৭ত জিলিকিল অসমৰ দুগৰাকী সন্তান। এই প্ৰতিযোগিতাৰ এগৰাকীয়ে খিতাপ অৰ্জন কৰে আৰু আন এগৰাকীয়ে প্ৰথম ৰানাৰ্চ আপ হিচাপে জয় লাভ কৰে। এই ছিজনত অসমৰ তিনিগৰাকী প্ৰাৰ্থীয়ে অংশ গ্ৰহণ কৰিছিল আৰু নিজৰ নিজৰ ৰন্ধন প্ৰতিভা প্ৰৰ্দন কৰি তেওঁলোকৰ মাজৰে দুগৰাকীয়ে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয়।
এই অনুষ্ঠানত অসমৰ নয়নজ্যোতি শইকীয়াই থলুৱা অসমীয়া খাদ্য হাঁহৰ মাংস ৰান্ধি বিচাৰকৰ মন জয় কৰি মাষ্টাৰচেফ ছিজন ৭ৰ ফাইননেল ট্ৰফী লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ লগতে ২৫ লাখ টকা পুৰস্কাৰ হিচাপে পাবলৈও সক্ষম হয়। ইয়াৰ উপৰিও বিচাৰকৰ আসনত থকা ছেফ বিকাশ, ছেফ গৰিমা, ছেফ ৰনবীৰৰ লগতে দেশৰ তথা বিশ্বৰ পৰিচিত ছেফসকল অতিথি হিচাপে উপস্থিত থাকি, খাদ্যৰ জুঁতি লোৱাৰ লগতে তেওঁলোকে অসমীয়া খাদ্যৰ সুস্বাদ্যৰ কথাও বৰ্ণনা কৰিছিল।
আন এগৰাকী অৰ্থা প্ৰথম ৰানাৰ্চ আপ হিচাপে জয় লাভ কৰা নগাঁৱৰ জীয়ৰী শান্তা শৰ্মাই পইতা ভাত, মাছৰ পিটিকা, কঠালগুটিৰ পিটিকা, বিলাহী পুৰা অসমীয় খাদ্য আৰু অসমৰ আদৰৰ কেটলি পিঠা বিচাৰকৰ আগত আগবঢ়াই।
উল্লেখনীয় যে, ২৬ বছৰীয়া নয়নজ্যোতিয়ে কোনোধৰণৰ পেছাদাৰী শিক্ষাৰ অবিহনে বিভিন্ন ধৰণৰ ব্যঞ্জন ৰান্ধিবলৈ শিকাৰ লগতে নতুন উপায় বিচাৰি বন্ধন শৈলীত ব্যৱহাৈৰ কৰিছিল।