অৱশেষত বহু জল্পনা-কল্পনাৰ অন্ত পেলাই ঘোষণা কৰা হ’ল ৰাজ্যসভাৰ অসমৰ প্ৰাৰ্থীৰ তালিকা। ৰাজ্যসভা নিৰ্বাচনত অসমৰ দুখন আসনৰ বাবে বিজেপিয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰিলে প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দাসক। মঙলবাৰে বিয়লি নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই ঘোষণা কৰিলে অসমৰ এই দুই প্ৰাৰ্থীৰ নাম। আজি ৰাজ্যসভাৰ মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপিৰ দুই প্ৰাৰ্থী ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসে।
উল্লেখ্য যে, কাজিৰঙা লোকসভা সমষ্টিৰ পৰা কামাখ্যা প্ৰসাদ তাছা আৰু ডিব্ৰুগড় সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱালে বিগত লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ পাছত ৰাজ্যসভাত দুখন আসন খালী হৈছিল ৷ তাছা আৰু সোণোৱালৰ উত্তৰসূৰী কোন হ’ব তাকে লৈ যোৱা সময়ছোৱাত বিজেপিৰ বাহিৰে ভিতৰে ব্যাপক চৰ্চা চলাৰ পাছত অৱশেষত মঙলবাৰে আনুষ্ঠানিকভাৱে দলীয় নেতৃত্বই ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসৰ নাম ঘোষণা কৰে ৷ ৰামেশ্বৰ তেলী যোৱা সময়ছোৱাত একাধিকবাৰ দুলীয়াজান বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ উপৰিও ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সাংসদৰূপে নিৰ্বাচিত হৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আসনতো অধিষ্ঠিত হৈছিল ৷ কিন্তু শেহতীয়া লোকসভা নিৰ্বাচনত প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হৈছিল ৰামেশ্বৰ তেলী। কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাবে ডিব্ৰুগড়ত আসন এৰিব লগা হৈছিল তেলীয়ে।আনহাতে ১৯৯১, ২০০০, ২০০১ আৰু ২০০৬ চনত উত্তৰ কৰিমগঞ্জ সমষ্টিৰ পৰা চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল বিজেপিৰ জ্যেষ্ঠ নেতা মিছন ৰঞ্জন দাস৷ যোৱা সময়ছোৱাত অসম ঔদ্যোগিক উন্নয়ন নিগম (AIDC)ৰ অধ্যক্ষৰ আসনতো অধিষ্ঠিত হৈছিল মিছন ৰঞ্জন দাস।নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি অহা ৩ ছেপ্তেম্বৰত ৰাজ্যসভাত খালী হৈ থকা ১২ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। প্ৰতিখন আসনৰ বাবে পৃথক পৃথক নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু একেদিনাই ফলাফল ঘোষণা কৰা হ’ব।