৪৪ বিলিয়ন আমেৰিকান ডলাৰত বিক্ৰী হল টুইটাৰ

Share

 

ডিজিটেল ডেস্ক, ২৬ এপ্ৰিলঃ বিক্ৰী কৰা হল টুইটাৰ। সামাজিক মাধ্যমৰ এক অন্যতম ছাইট টুইটাৰ ২৫ এপ্ৰিল তাৰিখে বিক্ৰী কৰা হৈছে। বিশ্বৰ এগৰাকী কোটিপতি ব্যক্তি ইলন মাস্কে ক্ৰয় কৰিলে টুইটাৰ। ৪৪ বিলিয়ন আমেৰিকান ডলাৰত টুইটাৰ ক্ৰয় কৰিছে ইলন মাস্কে।ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰায় ৩লাখ ৩৬ হাজাৰ ৯১৬ কোটি টকাত টুইটাৰ ক্ৰয় কৰে ইলন মাস্কে। বিগত কেইবাবছৰ ধৰি টুইটাৰ ক্ৰয় কৰাৰ চেষ্টা চলাই আছিল মাস্কে।
টুইটাৰ ক্ৰয় কৰা কিছু সময় পিছতে মাস্কে টুইট কৰি জনায় যে এতিয়াৰে পৰা ব্যক্তিগত কোম্পানীলৈ পৰিণত হব টুইটাৰ। আনহাতে তেওঁ কয় যে টুইটাৰ মুক্ত বাক-বিতৰণৰ মঞ্চ হিচাপে ইয়াৰ সম্ভাৱনা অনুসৰি জীয়াই থকা নাই আৰু টুইটাৰ হৈছে ডিজিটেল স্কোৱেৰ য’ত মানৱতাৰ ভবিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ বিষয়বোৰত বিতৰ্ক কৰা হয়। লগতে  টুইটাৰক নতুন সুবিধাৰে আগবঢ়াই নিবলৈ চেষ্টা কৰিম বুলি সংবাদ মাধ্যমত নিজৰ মন্তব্য প্ৰদান কৰিছে ইলন মাস্কে

Leave a Reply

Your email address will not be published. Required fields are marked *