গুৱাহাটীত তৃণমূল কংগ্ৰেছৰ সংবাদমেল, সংবাদ মেলত তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক ও’ ব্ৰায়েনে বিজেপিক কটু ভাষাৰে সমালোচনা

Share
ডিজিটেল ডেস্কঃ গুৱাহাটীত তৃণমূল কংগ্ৰেছৰ ৰাজ্য সভাৰ সাংসদ ডেৰেক ও’ ব্ৰায়েনৰ সংবাদমেল সম্বোধন। ডেৰেক ও’ব্ৰায়েনৰ সংবাদ মেলত তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱ, ৰাজ্যিক সভাপতি ৰিপুণ বৰা উপস্থিত থাকে। বুধবাৰে অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত ডেৰেক ও’ ব্ৰায়েনে অংশগ্ৰহণ কৰি সাংসদগৰাকীয়ে অসমত তৃণমূল কংগ্ৰেছ দল ক্ৰমান্বয়ে শক্তিশালী হৈছে বুলি মন্তব্য কৰে।
সংবাদমেলত সাংসদগৰাকীয়ে বিজেপি দলৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটু ভাষাৰে সমালোচনা কৰে। তেওঁ কয় যে “বিজেপি দল সমগ্ৰ দেশতে চূড়ান্ত ভাবে ব্যৰ্থ হৈ আছে। বৰ্তমান প্ৰত্যেকখন ৰাজ্যত বিজেপি প্ৰত্যাহ্বানৰ সন্মূখীন হৈছে। নৰেন্দ্ৰ মোডীয়ে সকলো দিশতে ব্যৰ্থ হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *