সদ্য বিশ্বকাপ জয়ী ভাৰতীয় মহিলা ক্ৰিকেটাৰ উমা ছেত্ৰীক ৯নৱেম্বৰ দেওবাৰে অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এ চি এৰ ক্ৰিকেট ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত আয়োজন কৰা অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ উপৰি বিভিন্ন ক্ৰীড়া সন্থা আৰু সংগঠনৰ তৰফৰ পৰা বিশ্বকাপ জয় কৰি অসমৰ বাবে গৌৰৱ কঢ়িয়াই অনা ক্ৰিকেটাৰগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।এই অনুস্থানটোত বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰ উমা ছেত্ৰীক অসম ক্ৰিকেট সন্থাৰ পৰা ৫১ লাখ টকাৰ অনুদান হিচাপে আগঢ়ায়। অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈকে প্ৰমূখ্য কৰি বি চি চি আইৰ সচিব দেৱজিত লন শইকীয়ায়ো উমা ছেত্রীক সম্বৰ্ধনা জনায় ।সম্বৰ্ধনা অনুষ্ঠানত বি চি চি আইৰ সচিব দেৱজিত লন শইকীয়াই কয়, “উমা ছেত্রী অসমৰ গৌৰৱ । উমা অসমৰ ক্ৰীড়াৰ আইকন । উমাক দেখি আমাৰ সকলোৱে উৎসাহিত হ’ব লাগিব । উমা ছেত্রী, ৰিয়ান পৰাগ অসমৰ আইডল । অসম ক্ৰিকেট সন্থাই দুজন ছিনিয়ৰ ইণ্ডিয়া পাবলৈ ৭৫ বছৰ ৰ’ব লগা হৈছে ।বিতৰ্ক কৰি থকা সকলে নাজানে উমাই বিশ্বকাপত কেইখন খেল খেলিলে । দুখন খেল খেলিছে । বিতৰ্ক কৰি থকা কথাবোৰ আচলতে সৰু কথা আৰু আমি এইবোৰত প্ৰতিক্ৰিয়া দিব নালাগে । আমি উমাৰ খেলৰ ওপৰত গুৰুত্ব দিব লাগে । উইকেট কিপিং এটা কঠিন পজিচন । ভাৰতীয় টীমটোৱে উমাৰ ওপৰত আশা কৰিয়েই বিশ্বকাপত ৰাখিছে । আনহাতে অনুষ্ঠানটোত অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে কয়, “আমাৰ বাবে গৌৰৱৰ ক্ষণ । আমাৰ সপোন সাৰ্থক কৰিলে উমা ছেত্রীয়ে । আমি আজি গৌৰৱ কৰিছো । আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী যুৱতীৰ বাবে উমা ছেত্রী উদাহৰণ । উমা ছেত্ৰীৰ প্ৰশিক্ষক অমল মজুমদাৰৰ বিষয়ে উল্লেখ কৰি উমাই কয়, “আমাৰ প্ৰশিক্ষক যথেষ্ট অভিজ্ঞতাসম্পন্ন আৰু বহুত ভাল ।”তেওঁ টীমক বহুত সহযোগ কৰে আৰু উৎসাহ যোগায় । আমাৰ হাৰা-জিকাক লৈ তেওঁ মেটাৰ নকৰে । তেওঁ সদায় আমাৰ টীমৰ লগত একেলগে জড়িত হৈ থাকে ।এনেদৰে নিজৰ প্ৰশিক্ষকৰ প্ৰশংসাত পঞ্চমূখ হৈ পৰে ক্ৰিকেটাৰ গৰাকী।