নমামি গংগা প্ৰকল্পত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণঃ মৃতকৰ সংখ্যা বৃদ্ধি ১৫ জনলৈ

Share

উত্তৰাখণ্ডৰ চামোলীৰ নমামি গংগা প্ৰকল্পত মৰ্মান্তিক ঘটনা। চামোলীৰ নমামি গংগা প্ৰকল্পত সংঘটিত হয়  ভয়ংকৰ ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ।  বুধবাৰে অলকানন্দা নদীৰ পাৰত সংঘটিত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ ফলত বিদ্যুৎস্পৃষ্ট হৈ ১৫জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হয়। 

ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ লগতে উদ্ধাৰকাৰী দল উপস্থিত হয়। ততাতৈয়াকৈ আহতসকলক পিপালকোটি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।  বৰ্তমান পৰ্যন্ত প্রকল্পস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান। 

উল্লেখ্য যে, ইতিমধ্যে ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ ন্যায়িক তদন্তৰ নিৰ্দেশ দিছে উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *