উমৰাংচুত কৰুণ ঘটনা

Share

উমৰাংচুত ৩০০ ফুট দ কয়লা খনিত আৱদ্ধ হৈ নিহত ৩ জন শ্ৰমিক। ড্ৰোন কেমেৰাত আৱদ্ধ হৈছে ৩ জন শ্ৰমিক ওপঙি থকা দৃশ্য। ডিমা হাছাও জিলাৰ উমৰাংচুৰ আছাম কয়লা খনিত সোমবাৰে পুৱা কয়লা খননৰ বাবে গৈ বিপজ্জকভাৱে আৱদ্ধ হৈ পৰিছে ১০ ৰ পৰা ১৫ জন শ্ৰমিক। পুৱা অকস্মাতে পানী সোমাই অহাৰ ফলত খনিটোৰ ভিতৰতে আৱদ্ধ হৈ পৰে শ্ৰমিকৰ দলটো। এচ জি আৰ এফৰ আৰু এন ডি আৰ এফৰ দল পলমকৈ ঘটনাস্থলিত উপস্থিত হোৱাত উৰেটো নিশা খনিত আৱদ্ধ হৈ থাকে শ্ৰমিকসকল। আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত কয় যে চলি থকা উদ্ধাৰ অভিযানত ৰাজ্য চৰকাৰে সেনা বাহিনীৰ সহায় বিছাৰিছে।

হাফলং, হোজাইৰ পৰা এচ ডি আৰ এফ আৰু এন ডি আৰ এফৰ দল ঘটনাস্থলিত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাইছে। ভাৰতীয় সেনা, আছাম ৰাইফলছে চলাই আছে উদ্ধাৰ অভিযান। প্ৰতিকুল পৰিৱেশে বাধা দিছে যদিও সোনাই জোৰদাৰভাৱে অভিযান অব্যাহত ৰাখাৰ ফলত ১০ জন শ্ৰমিকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে ৩০০ ফুট দ কয়লাৰ খনিত পানীৰে বুৰাই পেলোৱাৰ ফলত খনিটোত অস্বাভাৱিকভাৱে জলস্তৰ বৃদ্ধি হোৱাত শ্ৰমিকসকল জীয়াই থকাক লৈ সন্দেহ প্ৰকাশ কৰিছিল উদ্ধাৰকাৰী দলে। শেহতীয়া কৈ উমৰাংচুৰ কয়লা খনিত আৱদ্ধ হৈ থকা ন জন শ্ৰমিকৰ নামৰ তালিকা মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। তেওঁলোক হৈছে – গংগা বাহাদুৰ শেঠ (৩৮, নেপাল), হুছেইন আলী (৩০, দৰং), জাকিৰ হুছেইন (৩৮,দলগাওঁ), সৰপা বৰ্মন (৪৬, গোসাইগাওঁ), মুস্তাফা শ্বেখ (৪৪, দলগাওঁ), খুশী মোহন ৰায় (৫৭, ফকিৰাগ্ৰাম), সঞ্জিব সৰকাৰ (৩৫, পশ্চিমবংগ), লিজান মাগৰ (২৬, উমৰাংচু) আৰু শৰৎ গয়াৰী (৩৭, শোণিতপুৰ)।

Leave a Reply

Your email address will not be published. Required fields are marked *