গুৱাহাটী ২৮ জানুৱাৰীঃ শিৱসাগৰ জিলাৰ চেপন চূণপোৰা সংযোগী পথৰ দিচাং দলংত এক অঘটন।
দিচাং নদীৰ ওপৰৰ ভঙা দলঙত এগৰাকী লোকে কৰুণ মৃত্যুক সাৱটি লয়। দলঙৰ দাঁতিৰ বালিৰ বস্তাত চাইকেলেৰে খুন্দিয়াই দলঙৰ তলত পৰি থিতাতে নিহত এজন। মৃত ব্যক্তি গৰাকীৰ নাম শ্ৰীমন্ত ফুকন। উল্লেখযোগ্য যে দলংখনত কোনো পোহৰৰ ব্যৱস্থা নথকাৰ বাবেই এই ঘটনা সংঘটিত হয় বুলি স্থানয়ী ৰাইজে কয়।
দিচাং নৈৰ ওপৰত থকা পকী দলংখন মাজতে ভাঙি পৰাত ব্যাহত হৈ পৰিছিল যাতায়তৰ ব্যৱস্থা। স্থানীয় ৰাইজে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক ভঙা দলংখনৰ দাঁতিত পোহৰৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰিছিল যদিও কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নাছিল বুলিও অভিযোগ ৰাইজৰ।