নিশা মোডীৰ আৱাসত বিজেপি শীৰ্ষ নেতাৰ বৈঠকঃ সলনি হ’ব পাৰে শীৰ্ষ নেতৃত্ব

Share

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আৱাসত বুধবাৰে নিশা এক ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত দলটোৰ বহু কেইজন জ্যেষ্ঠ নেতা উপস্থিত আছিল। এই বৈঠকত দলটোৰ প্ৰসংগত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে।

উল্লেখ্যযোগ্য যে, প্ৰায় ৫ ঘন্টা ধৰি চলা এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা , সাংগঠনিক সচিব বি এল সন্তোষ আদি উপস্থিত আছিল। এই বৈঠকত দলটোৰ  উপৰিও কেইবাখনো ৰাজ্য়ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচন আৰু আগন্তক লোকসভা নিৰ্বাচন সম্পৰ্কত আলোচনা হয়।
সেই বৈঠকত কেইবাখনো ৰাজ্যৰ বিধানসভা আৰু লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰণনীতি তৈয়াৰ কৰা হৈছিল।এই অভিযানৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী মোডীৰ পৰা দলীয় কাৰ্যকৰ্তা সকলোৱে অংশগ্ৰহণ কৰিছে।
ইফালে নিৰ্বাচনৰ পূৰ্বেই বিজেপি দলটোৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনিৰো চৰ্চা চলিছে।আনহাতে, চলিত বৰ্ষতেই মধ্যপ্ৰদেশ , তেলেংগনা, ছতিশগড় আৰু মিজোৰামত বিধানসভাৰ নিৰ্বাচন আছে।এই আটাইকেইখন ৰাজ্যতে মুঠ লোকসভাৰ আসন আছে ৮৩ খন।সেয়েহে এই আটাইকেইখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনক দলটোৱে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *