প্ৰাঞ্জল প্ৰতিম ডেকাৰ অলিম্পিক বিশেষ প্ৰতিবেদন
৩১জুলাই, টকিঅ’: টকিঅ’ অলিম্পিকত ইটোৰ পিছত সিটো জয়ে উজলাইছে ভাৰতক । ডিছকাছ থ্ৰ’ত ফাইনেললৈ কমলপ্ৰীত কৌৰ লগতে মহিলা হকীত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা সজীৱ কৰি ৰাখিলে ভাৰতীয় দলে। দক্ষিণ আফ্ৰিকা ৪-৩ গ’লত পৰাস্ত ৷ হেটট্ৰিক অৰ্জন বন্দনা কাটাৰিয়াৰ। অলিম্পিক হকীত হেটট্ৰিক অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলাৰূপে পৰিগণিত ৷
ভাৰতবৰ্ষৰ এই জয়যাত্ৰাত উৎফুল্লিত দেশবাসী ।