টকিঅ’ অলিম্পিকত ভাৰতীয় পুৰুষ হকী দলৰ চমকপ্ৰদ প্ৰদৰ্শন

Share
ৰাজীৱ কলিতা
টকিঅ’ অলিম্পিকত ভাৰতীয় পুৰুষ হকী দলৰ চমকপ্ৰদ প্ৰদৰ্শন। দলটোৱে তেওঁলোকৰ তৃতীয়খন খেলত স্পেইনক ৩-০ গ’লত পৰাস্ত কৰে।এই খেলখনত ৰূপিন্দৰ পাল সিঙে দুটা গ’ল আৰু চিমৰণজিৎ সিঙে এটা গ’ল কৰি দলটোৰ বিজয়ৰ পথ প্ৰশস্ত কৰে।দলটোৱে যোৱা খেলখনত অষ্ট্ৰেলিয়াৰ হাতত ১-৭ গ’লত পৰাজিত হৈছিল। কিন্তু দলটোৱে পৰাজয়ৰ পিছতে এক সুন্দৰ,চমকপ্ৰদ প্ৰদৰ্শনেৰে পৰৱৰ্তি খেলখনত বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয়।দলটোৱে প্ৰথমখন খেলত নিউজিলেণ্ডক ৩-২ গ’লত পৰাস্ত কৰে। ভাৰতীয় দলটোৱে দুটা জয়ৰ সৈতে গ্ৰুপত দ্বিতীয় স্থানলৈ আগবাঢ়িছে।দলটোৱে পদকৰ আশা বজাই ৰাখি ২৯ জুলাইত চতুৰ্থখন খেলত স্বৰ্ণ পদক বিজয়ী আৰ্জেণ্টিনাৰ সৈতে প্ৰতিদ্বন্দিতা   আগবঢ়াব।

Leave a Reply

Your email address will not be published. Required fields are marked *