পল্লৱী গগৈ
টকিঅ’ অলিম্পিকৰ আজি দ্বিতীয় দিন আৰু বৰ্তমান সমগ্ৰহ বিশ্বতে বহুল চৰ্চিত বিষয় হ’ল অলিম্পিক । অলিম্পিকত পদক লাভৰ বাবে ভাৰতীয় খেলুৱৈৰ যুজঁ অব্যাহত । আজি পুৱাই টকিঅ’ৰ পৰা আহিছে ভাল খবৰ । ৩-২ ব্যৱধানত ভাৰতীৰ পুুৰুষ হকী দলে কোৱাটাৰ ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰে আৰু পৰৱৰ্তী খেল খনত দেওবাৰে অষ্টেলিয়াৰ বিৰুদ্ধে মুুখামুখি হ’ব। আৰচাৰি মিকছ ডাবলছৰ কোরাটাৰ ফাইনেলত প্ৰৱেশ দীপিকা কুমাৰী আৰু প্ৰবীণ যাদৱৰ।আজি পদকৰ যুজঁত নামিব উওৰ পূৰ্বৰ মীৰাবাই চানুৱে ৪৯ কেজি ভাৰাত্তোলনত অৱতীৰ্ন হ’ব মীৰাবাই। ইয়াৰোপৰি আজি শ্বুটিংত অভিশেষ বাৰ্মা আৰু সৌৰভ চৌধুৰীয়ে খেলিব ।টকিঅ’ অলিম্পিকৰ প্ৰথমটো স্বৰ্ণ পদক ১০ মিটাৰ এয়াৰ ৰাইফলছৰ শ্বুটিংত চীনৰ য়াং কিয়ানে লাভ কৰিছে ।এলাভেলিন ভালালিভান আৰু অপূৰ্বী চাণ্দেলাই কোৱাটাৰ ফাইনেলত প্ৰৱেশ কৰিছে ।