ৰাজীৱ কলিতা
২৯ জুলাই: টকিঅ’ অলিম্পিকত ভাৰতীয় পুৰুষ হকী দলৰ আন এক সফলতা।স্বৰ্ণজয়ী আৰ্জেণ্টিনাক হৰুৱাই ভাৰতীয় পুৰুষ হকী দলে অলিম্পিকৰ (Tokyo Olympics) কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। তেওঁলোকৰ চতুৰ্থ খন খেলত, দলটোৱে ২০১৬ ৰিঅ’ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী আৰ্জেণ্টিনাক ৩-১ গ’লত পৰাস্ত কৰে। অলিম্পিকত ভাৰতীয় দলটোৰ তৃতীয় জয়। দলটোৱে নিউজিলেণ্ড, স্পেইন আৰু আৰ্জেণ্টিনাৰ বিৰুদ্ধে জয়লাভ কৰিছে। ভাৰত কেৱল অষ্ট্ৰেলিয়াৰ হাতত পৰাজয় হৈছিল।ভাৰতীয় দলটোৱে তেওঁলোকৰ অন্তিম গ্ৰুপ-এ খেলখনত ৩০ জুলাইত অলিম্পিকৰ আয়োজক জাপানৰ সৈতে খেলিব।