ডিজিটেল ডেস্কঃ আজি ভাদ মাহৰ প্ৰথম দিন। অসমীয়া জাতীয় জীৱনৰ পবিত্ৰ মাহটো হৈছে ভাদ মাহ। আজিৰ পৰা ৰাজ্যৰ সকলো সত্ৰ নামঘৰত নাম-কীৰ্ত্তনেৰে মুখৰিত হৈ থাকিব। তাৰোপৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত হৰি নামৰ ধ্বনিত মুখৰিত হৈ পৰিছে। ভাদ মাহ উপলক্ষে পুৱাৰে পৰা থানখনত ভকতৰ আগমন ঘটিছে। বটদ্ৰৱা থানত আজিৰে পৰা আৰম্ভ হৈছে পৰম্পৰাগত নাম-কীৰ্ত্তন।
উল্লেখযোগ্য যে ভাদ মাহ উপলক্ষে গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত ভাদ মাহ উপলক্ষে থানখনত সমগ্ৰ মাহজুৰি ৰাতিপুৱাৰে পৰা মাজনিশালৈকে ওঠৰ প্ৰসঙ্গৰে মুখৰিত হৈ থাকিব