আজি উচ্চতম ন্যায়লয়ৰ ৩৭০ ধাৰা প্ৰত্যাহাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান

Share
গুৱাহাটী, ১১ ডিচেম্বৰঃ জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ সন্দৰ্ভত আজি উচ্চতম ন্যায়লয়ে কৰিব ৰায়দান। ২৩খন আৱেদনৰ ওপৰত শুনানি গ্ৰহণ কৰি ৰায়দানৰ বাবে সাজু হৈছে উচ্চতম ন্যায়লয়ে। উচ্চতম ন্যায়লয়ে উভয় পক্ষৰ যুক্তি শুনি যোৱা ৫ ছেপ্তেম্বৰত এই ৰায় সংৰক্ষিত কৰি ৰাখিছিল। ন্যায়লয়ে এই বিষয়টোৰ ওপৰত ১৬ দিন ধৰি শুনানি গ্ৰহণ কৰিছিল।
 
এই ৰায় প্ৰদান কৰিব মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, ন্য়ায়াধীশ সঞ্জীৱ খান্না, ন্য়ায়াধীশ বি আৰ গাভাই আৰু ন্য়ায়াধীশ সূৰ্য কান্তয়ে।উচ্চতম ন্যায়লয়ত জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল, গোপাল সুব্ৰমণিয়ম, দুষ্মন্ত দাভে, ৰাজীৱ ধাৱান, দিনেশ দ্বিবেদী, গোপাল শংকৰ নাৰায়ণকে ধৰি মুঠ ১৮জন অধিবক্তাই এই বিষয়টোৰ ওপৰত আৱেদনকাৰীসকলৰ হৈ যুক্তি প্ৰদান কৰিছিল। ইপিনে চৰকাৰী পক্ষ হৈ যুক্তি প্ৰদান কৰিছিল আৰ ভেংকটৰমণী, তুষাৰ মেহতা, হৰিশ চালভে, মহেশ জেঠমালানী, মনেন্দিৰ সিং আৰু ৰাকেশ দ্বিবেদীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *