প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং

Share

২২ এপ্ৰিলত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰাৰ পিছত এই কেন্দ্ৰীয় শাসিত অঞ্চললৈ প্ৰধানমন্ত্ৰী মোডীৰ এয়া প্ৰথম জন্মু-কাশ্মীৰ ভ্ৰমণ।আজি জন্মু কাশ্মীৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং।জন্মু-কাশ্মীৰত নিৰ্মান কৰা হৈছে বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং।ইয়াৰ সমান্তৰালকৈ তেওঁ কাটৰাত ৪৬ হাজাৰ কোটিতকৈ অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পও জাতিটোৰ বাবে উৎসৰ্গা কৰে।প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে জন্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাইও নিৰাপত্তাৰ সন্দৰ্ভত পৰ্যালোচনা কৰে।আজি ২৭২ কিলোমিটাৰ দৈৰ্ঘ্যৰ উধমপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে’লৱে লিংক সম্পূৰ্ণ হোৱাৰ উপলক্ষে বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰাৰ পূৰ্বে চেনাব আৰ্ক দলং আৰু ভাৰতৰ প্ৰথমখন কেৱল ষ্টেড অঞ্জি দলং উদ্বোধন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।এই দুয়োখন দলঙকে ভাৰতৰ অভিযান্ত্ৰিক উৎকৰ্ষতাৰ প্ৰতীক বুলি গণ্য কৰা হয়।চেনাব ৰে’ল দলং বিশ্বৰ আটাইতকৈ ওখ ৰে’লৱে আৰ্ক দলং।লগতে প্ৰধানমন্ত্ৰী মোডীয়ে শ্ৰী মাতা বৈষ্ণো দেৱীৰ মন্দিৰত থকা কাট্ৰাৰ পৰা শ্ৰীনগৰলৈ ২ খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰো ফ্লেগ অফ কৰে।এই ৰে’ল চলাচলৰ লগে লগে স্থানীয় ৰাইজ,পৰ্যটক,তীৰ্থযাত্ৰী আদিৰ বাবে এই যাত্ৰা আৰামদায়ক হৈ পৰিব।এতিয়া এই দলঙেৰে বন্দে ভাৰতেৰে কাট্ৰা আৰু শ্ৰীনগৰৰ মাজত যাত্ৰা কৰিবলৈ মাত্ৰ ৩ ঘন্টা সময় লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *