তেজেধোৱা নাগৰিকত্ব সংশোধনী বিধেয়ক বলৱৎ হোৱাৰ আজি চতুৰ্থতম বৰ্ষপূৰ্তি

Share
গুৱাহাটী,১১ ডেচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বলৱৎ হোৱাৰ আজি চাৰি বছৰ পূৰ্ণ হ’ল।সদৌ উত্তৰ-পূৱ ছাত্ৰ সন্থা অৰ্থাৎ নেচ’য়ে এই বিতৰ্কিত বিধেয়কৰ বিৰুদ্ধে আজি আকৌ এবাৰ সাব্যস্ত কৰিব প্ৰতিবাদ। নেচ’ৰ নেতৃত্বত আজি সমগ্ৰ উত্তৰ-পূৱতেই উৰুওৱা হ’ব ক’লা পতাকা।”কা” আমি কোনো পধ্য়েই মানি নলও বুলি মন্তব্য় কৰি এই প্ৰতিবাদৰ হুংকাৰ দিয়ে নেচ’ৰ সভাপতি ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই।
                          আজিৰ দিনটোতেই  সমগ্ৰ ভাৰতবৰ্ষৰ ওপৰত জোৰ-জুলুমকৈ  জাপি দিয়া হৈছিল নাগৰিকত্ব সংশোধনী বিধেয়ক। গোটেই ভাৰতৰ লগতে বিশেষভাৱে অসমত ”কা”ৰ বিপক্ষত গঢ়ি উঠা তীব্ৰতৰ গণ আন্দোলনক মুঠেও গুৰুত্ব দিয়া নাছিল সেই সময়ৰ কেন্দ্ৰ-ৰাজ্য়ৰ বিজেপি নেতৃত্বাধীন চৰকাৰে। ছাত্ৰসমাজৰ নেতৃত্বত সাব্য়স্ত হোৱা এই প্ৰতিবাদত শ্বহীদ হ’ব লগীয়া হৈছিল পাঁচ গৰাকীকৈ নিৰীহ ছাত্ৰ। বন্ধ হৈ গৈছিল অসমৰ সামগ্ৰিক ব্য়ৱস্থা। তৎস্বত্বেও মোদী-সৰ্বাৰ চৰকাৰে আজিৰ দিনটোত অৰ্থাৎ ১১ ডিচেম্বৰ ২০১৯ ইং তাৰিখে হিটলাৰী প্ৰথাৰে বলৱৎ কৰিছিল ”কা”। তেতিয়াৰে পৰা সদৌ উত্তৰ-পূৱ ছাত্ৰ সন্থা অৰ্থাৎ নেচ’য়ে প্ৰতি বছৰে এই ১১ ডিচেম্বৰৰ দিনটোত সমগ্ৰ উত্তৰ-পূৱতেই ক’লা পতাকা উৰুৱাই ”কা”ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্য়স্ত কৰি আহিছে। ইয়াৰ সমান্তৰালভাৱে আজিৰ দিনটোতো নেচ’ৱে সমগ্ৰ উত্তৰ-পূৱতেই ক’লা পতাকা উৰুৱাই ”কা”ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্য়স্ত কৰিব। এই বিষয়ে মন্তব্য় কৰি নেচ’ৰ সভাপতি  ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই কয়, ”কা আমি কোনো পধ্য়েয় মানি নলও।”

Leave a Reply

Your email address will not be published. Required fields are marked *