২২ মাৰ্চৰ দিনটো সমগ্ৰ বিশ্বতে স্বচছ খোৱাপানীৰ প্ৰয়োজনীয়তা ওপৰত লক্ষ্য ৰাখি বিশ্ব জল দিৱস ৰুপে পালন কৰি আহিছে । কেৱল সেয়াই নহয় বৰং খোৱাপানী সংৰক্ষণৰ বহনক্ষম ব্যৱস্থা এটি গঢ়ি তোলাৰ বাবেও ৰাষ্ট্ৰসংঘই উৎসাহ যোাগাই আহিছে বিশ্ববাসীক।
কিন্ত এই দিনটোৰ গুৰুত্ব সকলোৱে অনুধাৱন কৰিছে বৰ্তমানলৈ । আন্ত:ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানে যুগুত কৰা বাতৰি অনুসৰি কেৱল জল সংকটৰ বাবেই বিগত বছৰটোত ছোমোলিয়াত হেৰুৱালে ৪৩ হাজাৰ লোকে প্ৰাণ । ইয়াৰ অধিক সংখ্যকেই আছিল শিশু । যি সকলৰ বয়স আছিল ৫ বছৰতকৈও কম। এই তথ্য দাখিল কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ।
২০২৩ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা জুন মাহলৈ প্ৰতিদিনেই প্ৰায় ১৩৫ গৰাকী লোকে জল সংকটৰ বাবে প্ৰাণ হেৰুৱাইছে । লগতে ভাৰতত প্ৰতি বছৰে স্বচ্ছ খোৱাপানীৰ অভাৱত বিভিন্ন প্ৰকাৰে মূত্যুক সাৱটি লয় প্ৰায় ২ লাখ লোকে । গোটেই বিশ্বৰ ক্ষেত্ৰত এই পৰিসংখ্যা ৮ লাখৰো অধিক ।