আজি বিশ্ব ৰেডিঅ’ দিৱস

Share

যোগাযোগ আৰু প্ৰকাশৰ মাধ্যম হিচাপে ৰেডিঅ’ৰ ভূমিকাক লৈয়ে আজিৰ দিনটোতে বিশ্ব ৰেডিঅ’ দিৱস হিচাপে পালন কৰা হয়।ৰেডিঅ’ আজিও সকলোৰে বাবে এক নষ্টালজিয়া।এতিয়াও ৰেডিঅ’ হৈ আছে এক মনোৰঞ্জনৰ আহিলা।সময়ৰ গতিত এতিয়াও যেন চলি আছে ৰেডিঅ’ৰ জনপ্ৰিয়তা।এসময়ৰ ৰেডিঅ’ আছিল এক আভিজাত্যৰ প্ৰতীক।কিন্ত লাহে লাহে ম্লান পৰিছে ৰেডিঅ’ৰ জনপ্ৰিয়তা,ম’বাইল ইন্টাৰনেট আগ্ৰসনে ৰেডিঅ’ৰ জনপ্ৰিয়তা কমিছে যদিও ৰেডিঅ’ নোহোৱা হৈ যোৱা নাই।বৰ্তমান সময়ত ৰেডিঅ’ক লৈ পুৰণি আগ্ৰহ দেখা নাযায় যদিও বহু সংখ্যাক লোকৰ বাবে এতিয়াও ৰেডিঅ’ হৈছে এক নিৰ্ভৰযোগ্য বাতৰি তথা তথ্যৰ উৎস।বিশেষকৈ বৰ্তমান সময়ত চহৰত অত্যাধিক শ্ৰোতা আছে ব্যক্তিগত এফ এম চেনেলসমূহৰ।ব্যক্তিগত এফ এম সমূহে মনোৰঞ্জনৰ ক্ষেত্ৰত অত্যাধিক গুৰুত্ব আৰোপ কৰাৰ লগতে যুৱকসকলক আকৰ্ষন কৰিব পৰাকৈ লোৱা কেতবোৰ এতিয়াও যুৱপ্ৰজন্মৰ মাজত দেখা যায় ৰেডিঅ’ৰ জনপ্ৰিয়তা।২০১১ চনৰে পৰা পালন কৰি আহিছে এই ৰেডিঅ’ দিৱস।ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে বিশ্ব ৰেডিঅ’ দিৱসৰ প্ৰৱৰ্তন কৰে আৰু প্ৰতি বছৰে এই ১৩ ফেব্ৰুৱাৰী দিনটোত এই দিৱস পালন কৰাৰ বাবে নিৰ্ধাৰণ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *