আজি বিশ্ব এইডছ দিৱস

Share

এইডছ বিৰুদ্ধে সজাগতাৰ উদ্দেশ্যে এই দিৱস। গুৱাহাটী মহানগৰতো এইডছ দিৱসৰ বিভিন্ন কাৰ্যসূচী।প্ৰতিবছৰে ডিচেম্বৰ মাহৰ ১ তাৰিখে বিশ্ব এইডছ দিৱস পালন কৰা হয়। চলিত বৰ্ষৰ এইডছ দিৱসৰ বিষয়বস্ত হৈছে অসমতা দূৰ কৰা, এইডছৰ সংক্ৰমণৰ আৰু মহামাৰীৰ সংক্ৰমণৰ ৰোধ কৰা। বিশ্বজুৰি আজি পালন কৰা হৈছে এইডছ দিৱস। মৰাত্মক এই ৰোগ হয় বীজাণু বা ভাইৰাছৰ পৰা। এই বীজাণুৰ নাম হল এইডছ আইভি। এই ভাইৰাছ এজনৰ দেহৰ পৰা আন এজনলৈ বিয়পে।  একাংশ  লোকৰ মনত আজিও এক অন্ধ বিশ্বাসে বাহ লৈ থকা দেখা যায় এইডছ ৰোগ হেনো সংস্পৰ্শৰ দ্বাৰা বিয়পে। কিন্ত চিকিত্‍সক সকলে জনোৱা অনুসৰি এই ৰোগৰ ৰক্ত কণিকা সুস্হ লোকৰ তেজত মিহলি হলে। অৱেশ্যে এনেধৰণৰ কাৰণৰ বাবে একাংশ বেচৰকাৰী সংস্হা, দল-সংগঠনে বিভিন্ন সময়ত এইডছ বা তেনে ৰোগ সম্পৰ্কে সজাগতা সভা সমিতি অনুষ্ঠিত কৰি আহিছে।কিন্তু এই ক্ষেত্ৰত চৰকাৰ  যথেষ্ট কৰণীয় আছিল৷তেনেস্থলত তেওঁলোকৰ মনত বিজ্ঞানসন্মত চিন্তাৰ খোৰাক জগোৱাৰ বাবে চৰকাৰে স্বাস্থ্য বিভাগৰ দ্বাৰা সজাগতা সভা আদি অনুস্থিত কৰি উ९কৰ্ষ সাধন কৰিব পাৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *