আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ আজি দুটা বছৰ সম্পূৰ্ণ হ’ল। কিন্তু বৰ্তমানো ন্যায় নাপালে জোনমণি ৰাভাই। ২০২৩ চনৰ ১৬ মাৰ্চৰ নিশা জখলাবন্ধাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত এক ৰহস্যজনক পথ *দু*ৰ্ঘ*টনাত *প্ৰা*ণ হেৰুৱাব লগীয়া হৈছিল জোনমণি ৰাভাই। প্ৰথম অৱস্থাত জোনমণি ৰাভাৰ মৃ*ত্যু তদন্ত CIDক প্ৰদান কৰা হৈছিল। যদিও তদন্তৰ কোনো সঠিক ফলাফল নোপোৱাত এই তদন্ত গতাই দিয়া হয় CBIক। CBI তদন্তৰ ফলত জোনমণি ৰাভাৰ *মৃ*ত্যু জড়িত কেইবাগৰাকীও আৰক্ষী বিষয়াৰ নাম পোহৰলৈ আহে। মনণোত্তৰ পৰীক্ষাত জোনমণি ৰাভাই শৰীৰৰ বিভিন্ন অংশত গুৰুত্বৰভাৱে আঘাত প্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছিল। নিশা মালবাহী ট্ৰাকেৰে হোৱা পথ দু*ৰ্ঘ*ট*নাত জোনমণি ৰাভাৰ *প্ৰা*ণ হেৰুৱাইছিল, কিন্তু জোনমণি ৰাভাৰ মাতৃয়ে এই কথাত বিশ্বাস কৰা নাছিল। এয়া এক পৰিকল্পিত হ*ত্যা*কাণ্ড বুলি দাবী উত্থাপন কৰিছিল জোনমণি ৰাভাৰ মাতৃয়ে। CBIৰ তদন্তত এই হ*ত্যা*কা*ণ্ডই কেইবাটাও নতুন মূৰ পাইছিল যদিও বৰ্তমানো ন্যায় পোৱা নাই জোনমণি ৰাভাই।
উল্লেখ্য যে, নিজৰ হ’ব লগীয়া স্বামীক প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল জোনমণি ৰাভাই। ONGCত কৰ্ম সংস্থাপন প্ৰদান কৰাৰ নামত কেইবাজনো লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল জোনমণি ৰাভাৰ হ’ব লগীয়া স্বামী ৰাণা পগাগক। ৰাণা পগাগক গ্ৰেপ্তাৰ কৰাৰ পাছতেই প্ৰৱঞ্চনাৰ গোচৰত নাম সাঙোৰ খাই পৰিছিল জোনমণি ৰাভাৰ। এই গোচৰৰ পাছত চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল জোনমণিক ৰাভাক।