বছৰটো শেষ হবলৈ মাজত মাত্ৰ কেইটামান ঘন্টা বাকী। পুৰণিক বিদায় দি নতুনক আদৰাত ব্যস্ত সমগ্ৰ বিশ্ববাসী। চাৰিওফালে কেৱল আনন্দ ,উৎসাহ উদ্দিপনা। এটা বছৰত সকলোৰে বাবে হৈ পৰে নৱ আশা, প্ৰত্যাশা আৰু প্ৰত্যাহ্বানৰ বৰ্ষ। প্ৰাপ্তি, অপ্ৰাপ্তি আৰু আশা ,নিৰাশাৰ মাজেৰেই ২০২৪ চনতোক বিদায় দিবলৈ সাজু সমগ্ৰ বিশ্ববাসী।
২০২৪ বৰ্ষতো আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে আছিল এক বিশেষ বৰ্ষ। কিয়নো এই বৰ্ষতেই একেৰাহে ২০২৪ চনৰ পৰা তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হৈছিল নৰেন্দ্ৰ মোদী। প্ৰধান মন্ত্ৰী হোৱাৰ পিছতেই মোদীৰ কেইবাটাও সপোন বাস্তৱত পৰিণত হৈছিল। তাৰে প্ৰথমটো আছিল অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা। বহু জল্পনা কল্পনাৰ অন্তত ৰাম জন্মভূমিতে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিষ্ঠা কৰিলে ৰাম মন্দিৰ। তাৰ সমান্তৰালভৱে একে সময়তে বিশ্বনেতা হিচাপেও স্বীকৃতি পাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীৰ দ্বিতীয়টো সপোন আছিল “এক দেশ এক নিৰ্বাচন”। এই সপোনেও এই বৰ্ষতেই পূৰ্ণতা লাভ কৰিছিল। “এক দেশ এক নিৰ্বাচন” বিধেয়খন উত্থাপন হৈছিল লোকসভাৰ মজিয়াত। আৰু সংখ্যাগৰিষ্ঠ সদস্যৰ সমৰ্থন লাভ কৰিছিল এই বিধেয়খনে।
এই বৰ্ষতেই মোদীৰ নেতৃত্বত ৰাজস্থান,উৰিষ্যা,হাৰিয়ানেকে ধৰি কেইবাখনো ৰাজ্যই বিধানসভা নিৰ্বাচনত জয়ী হবলৈ সক্ষম হৈছিল। তাৰ উপৰিও ৰাছিয়া,ভূটান,কোৱেট, ঘানা ইত্যাদি কেইবাখনো দেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশৰ সৰ্বোচ্চ সন্মান প্ৰদান কৰিছিল। লগতে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছতেই বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ এক সু সম্পৰ্ক গঢ়ি উঠিছে।