অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰভাষাৰ হিন্দীৰ হিতৈষী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি ১৩৬ সংখ্যক জন্মবাৰ্ষিকী।তেওঁ ১৮৯০ চনৰ ৬ জুন তাৰিখে নগাওঁ জিলাৰ ৰহাত জন্ম গ্ৰহণ কৰে।১৯০৭ চনত সুখ্যাতিৰে গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰ পৰা মেট্ৰিক পৰীক্ষা পাছ কৰে।তাৰ পিছত কটেন কলিজৰ পৰা তেওঁ আই.এ পৰীক্ষা উত্তীৰ্ণ কৰে।উচ্চ শিক্ষাৰ বাবে তেওঁ কলিকতালৈ গ’ল।তাৰপৰাই তেওঁ বি.এ.এম.এ.আৰু ওকালতীৰ ডিগ্ৰী গ্ৰহণ কৰে।তেওঁ অতি সহজ-সৰল আৰু উচ্চ ভাৱসম্পন্ন আছিল।তেওঁ সদায় অসমবাসীৰ উপকাৰ আৰু উন্নতিৰ সতে কাম কৰিছিল।অসমৰ ৰাইজে তেওঁক অত্যন্ত ভাল পাইছিল যাৰ বাবে তেওঁক লোকপ্ৰিয় নামেৰে জনাজাত হ’ল।ইয়াৰ পিছতে ভাৰত চৰকাৰে ১৯৯৯ চনত তেওঁৰ মৃত্যুৰ পিছত ৰত্ন উপাধিৰে সন্মানিত কৰিছিল।
লোকপ্ৰিয় গোপীনাথ বৰদলৈ জন্মবাৰ্ষিকী উপলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে লিখিছে যে-ভাৰত ৰত্ন গোপীনাথ বৰদলৈ — এক আদৰ্শ, এক অনুপ্ৰেৰণাৰ নাম প্ৰকৃতাৰ্থত অসমৰ সু-ভৱিষ্যতৰ কথা চিন্তা কৰা মহান অসমীয়া লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। দেশ তথা ৰাজ্যখনৰ প্ৰতি থকা তেখেতৰ নিঃস্বাৰ্থ মৰম, শ্ৰদ্ধাক অসমৰ প্ৰতিটো প্ৰজন্মই সদায়েই স্মৰণ কৰি যাব। জাতিটোৰ প্ৰতি তেখেতে আগবঢ়াই যোৱা অতুলনীয় বৰঙণিয়ে এখন শক্তিশালী অসম গঢ়িবলৈ আমাক প্ৰেৰণা যোগাইছে আৰু তেখেতৰ মহান কৰ্মৰাজিক আদৰ্শ হিচাপে লৈ আমিও মাতৃভূমিৰ কাৰণে কৰণীয়খিনি দায়বদ্ধতাৰে পালন কৰি যাম।