আজি শৌৰ্য্য আৰু অদম্য সাহসৰ প্ৰতীক মহাবীৰ চিলাৰায়ৰ ১৫১ সংখ্যক জন্মজয়ন্তী।মাঘী পূৰ্ণিমাৰ দিনা ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হয় বীৰ চিলাৰায় দিৱস। ১৫১০ খ্ৰীষ্টাব্দৰ মাঘী পূৰ্ণিমাৰ দিনা জন্মগ্ৰহণ কৰা নৰনাৰায়নৰ ভাতৃ তথা সুদক্ষ সেনাপতি চিলাৰয়ৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ। চিলাৰ দৰে ৰনক্ষেত্ৰত জপিয়াই পৰাৰ বাবে এইগৰাকী পৰাক্ৰমী বীৰ চিলাৰায় ৰূপে পৰিচিত হৈছিল। ২০০৫ চনৰ পৰা অসম চৰকাৰে বীৰ চিলাৰায়ৰ স্মৰনত, তেওঁৰ জন্ম দিনটো বীৰ চিলাৰায় দিৱস হিচাপে উদযাপন কৰিব বুলি আনুষ্ঠানিক ভাৱে ঘোষণা কৰিছিল।১৫৬৩ চনত চিলাৰায়ে অগ্ৰিম সাহসেৰে আহোম ৰাজ্য আক্ৰমণ কৰি গঢ়গাওঁ অধিকাৰ কৰিছিল। যুদ্বত চিলাৰায়ে বহুতো আহোম সৈন্যক হত্যা কৰিছিল আৰু চিলাৰায়ৰ ভয়ত বহুতো আহোম সৈন্য পলাই গৈছিল। বীৰ চিলাৰায়ৰ নাম অসমৰ ইতিহাসৰ পাতত এগৰাকী সুদক্ষ সেনাপতি বুলি সোনোৱালী আখৰেৰে লিপিব্দ হৈ আছে। বৰ্তমান এই বীৰজনাক শ্ৰদ্ধা জনাই বীৰ চিলাৰায় বটাঁ প্ৰদান কৰা হয়।