আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩সংখ্যক অধিৱেশন

Share

গুৱাহাটী,৯ ফেব্ৰুৱাৰী:আজি পুৱা নাম-প্ৰসংগৰে আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩সংখ্যক অধিৱেশন।৩দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন।ৰঙিয়াৰ হাতীখলা পথাৰ এতিয়া হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে।বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত-বৈষ্ণৱৰ সমাৱেশ ঘটিছে অধিৱেশনস্থলীত।২৫ লাখ ভকত-বৈষ্ণৱ আহি সমৱেত হ’ব ৰঙিয়াৰ হাতীখলা পথাৰত।ইতিমধ্যে ১ লাখ ভকত-বৈষ্ণৱ আহি উপস্থিত হৈছে অধিৱেশনত।সেয়েহে এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ।বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত-বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে সেৱাবাহিনী।আনহাতে ১০ হাজাৰ সেৱক-সেৱিকা সাজু হৈছে নিজস্ব কাম কৰিবলৈ।ইতিমধ্যে তেওঁলোকে কিছু কাম আৰম্ভ কৰিছে।কালিৰ পৰা ১০ হাজাৰ সেৱক-সেৱিকাক বিভিন্ন বিভাগত ভাগ কৰি দিয়া হ’ব।

ইয়াৰোপৰি উদ্বোধন কৰা হ’ব মূল তোৰণ।মূল তোৰণ উদ্বোধন হোৱাৰ পিছত ভিন্ন প্ৰান্তৰ পৰা অহা ভকত-বৈষ্ণৱে প্ৰৱেশ কৰিব হাতীখলা পথাৰত।উল্লেখযোগ্য যে,১০ হেজাৰ ভক্তক অন্ন প্ৰদান কৰিব পৰাকৈ সাজু কৰা হৈছে ভোজনালয়।নিৰ্মাণ হৈ উঠিছে কোচ ৰাজবংশী জনগোষ্ঠীৰ মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্ত্তি লগতে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দুখন তৈলচিত্ৰৰ উপৰিও বিশাল আকাৰৰ শৰাই।মুঠতে এতিয়া এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ৰঙিয়াৰ হাতীখলা পথাৰ।  

Leave a Reply

Your email address will not be published. Required fields are marked *