আজি কাব্যঋষি নীলমণি ফুকনৰ ৯২ সংখ্যক জন্মতিথি

Share

আজি সমগ্ৰ সাহিত্যপ্ৰেমী অসমীয়াই পালন কৰিছে কাব্যঋষি নীলমণি ফুকনৰ ৯২ সংখ্যক জন্মতিথি।১৯৩৩ চনৰ ১০ চেপ্তেম্বৰৰ দিনটোতে সু-কবি,সাহিত্যিক,কলা-সমালোচক,অধ্যাপক তথা অসমীয়া জাতিৰ অভিভাৱকস্বৰূপ নীলমণি ফুকন দেৱৰ জন্ম হৈছিল ।তেওঁৰ কলমৰ কবিতাত প্ৰাণ পাই উঠিছিল প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ ।এই গৰাকী বিশিষ্ট কবিয়ে লিখিছিল ভালেকেইটা জনপ্ৰিয় কবিতা।তাৰ ভিতৰত অন্যতম – গোলাপী জামুৰ লগ্ন , নিৰ্জনতাৰ শব্দ আদি।

ইতিহাসপ্ৰসিদ্ধতাৰে ভৰপূৰ অসমৰ অন্যতম ঠাই দেৰগাঁওত জন্মগ্ৰহণ কৰা এই গৰাকী নমস্য ব্যক্তিয়ে অসমীয়া সাহিত্য জগতত দি গ’ল অনবদ্য অৱদান । তেওঁ ঋষিতুল্য,সেইবাবে সকলোৰে নমস্য তথা শ্ৰদ্ধাশীল ।কবিতাৰ পৃথিৱীত তেওঁ সততাৰে বিচৰণ কৰিছিল।ইয়াৰোপৰি দেশ-বিদেশৰ নানান কবিতা অসমীয়ালৈ অনুবাদ কৰি চহকী কৰি গৈছিল অসমীয়া সাহিত্যৰ ভৰাঁল ।তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপকৰূপে যোগদান কৰিছিল।ভাৰতীয় জ্ঞানপীঠে ২০২১ চনত নীলমণি ফুকনক সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অসামান্য অৱদানৰ বাবে ২০২০ বৰ্ষৰ জ্ঞানপীঠ-বটাঁ প্ৰদান কৰে।অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত তৃতীয়বাৰৰ বাবে জ্ঞানপীঠ বটাঁ লাভ কৰিছিল এইগৰাকী মহান ব্যক্তিয়ে। সেয়েহে কবিতাৰ পথাৰখনত তেওঁৰ অৱদান সোণোৱালী আখৰেৰে জিলিকি থাকিব।২০২৩ চনৰ ১৯ জানুৱাৰীত কাব্যঋষি নীলমণি ফুকনৰ অসমীয়া সাহিত্যৰ জগতখন উকা কৰি অজান দেশলৈ গুছি গৈছিল।জ্ঞানপীঠ বটাঁপ্ৰাপক নীলমণি ফুকন দেৱৰ জন্মতিথিত তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ ।

Leave a Reply

Your email address will not be published. Required fields are marked *