১৫ ছেপ্তেম্বৰ,ANA নিউজ ডেস্কঃ আজি মহাপুৰুষ মাধৱদেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি। ভকত-বৈষ্ণৱৰ নাম-কীৰ্তনৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নামঘৰত মহাপুৰুষজনাৰ তিৰোভাৱ তিথি আয়োজন কৰা হৈছে। গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে পুৱাৰে পৰাই হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ নামঘৰ সমূহ।
১৪৮৯ চনত লক্ষীমপুৰৰ নাৰায়ণপুৰৰ গোবিন্দগিৰিত জন্মগ্ৰহণ কৰিছিল মহাপুৰুষজনাই। মহাপুৰুষ শ্ৰী শ্ৰী মাধবদেৱ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক আৰু মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল। মহাপুৰুষ জনাৰ অসমীয়া সাহিত্য-সাংস্কৃতিৰ ভৰাঁলত এক অন্যতম অৱদান আছে।