আজি পৰাগ কুমাৰ দাসৰ ২৭ সংখ্যক মৃত্যুবাৰ্ষিকী

Share

প্ৰবল সম্ভাৱনাময় এক সবল প্ৰতিবাদী কন্ঠৰ লগতে সাংবাদিকতা ,জাতীয়তাবাদী আৰু মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাস।সেই পৰাগ কুমাৰ দাসৰ আজি ২৭ সংখ্যক মৃত্যুবাৰ্ষিকী।

আনহাতে ৯০ দশকৰ অস্থিৰ অসমত সুস্থিৰ অৰ্থনাতিৰ কথা চিন্তা কৰা পৰাগ কুমাৰ দাস আছিল অসমৰ মানৱ অধিকাৰ আন্দোলনৰ অন্যতম গুৰিধৰোতা ।দিল্লীৰ ছেইন্ট মহাবিদ্যালয়ৰ অৰ্থনীতিত স্নাতক ডিগ্ৰী গ্ৰহণ কৰি দিল্লী স্কুল অৱ ইক”নমিকছৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল পৰাগ কুমাৰ দাসে ।অসম আন্দোলনৰ সময়ত সমগ্ৰ ৰাজ্য উত্তাল হৈ থকা সময়ত পাঞ্জাৱ নেছনেল বেংকত ব্যৱস্থাপকৰুপে যোগদান কৰি পৰৰ্ৱতী সময়ত অসমীয়া প্ৰতিদিন “ত কাৰ্যবাহী সম্পাদকৰুপে ১৯৯৫ যোগদান কৰিছিল।

উল্লেখ্যযোগ্য যে ,১৯৯৬ চনৰ ১৭ মে”ত বিয়লি ২ বাজি ৪৪ মিনিটত আপোচবিহীন এইগৰাকী সাংবাদিকক মহানগৰীী ৰাজগড়ত হত্যা কৰিছ্ল আততায়ীয়ে।অসমী আই সুযোগ্য সন্তান , জাতীয় বীৰ পৰাগ কুমাৰ দাসৰ দেহত লাগিছিল ১৩ টাকৈ গুলি।শ্বহীদ সাংবাদিক গৰাকীক তেওঁৰ মৃত্যুৰ তিথিত সশ্ৰদ্ধাৰে সোৱৰণ কৰে সৰ্তীথ আৰু গুণমুগ্ধসকলে।

তেওঁৰ মৃত্যুবাৰ্ষিকী উপলক্ষে আজি ৰাজগড়ত তেওঁৰ প্ৰতিমূৰ্তিস্থলীত পৰিয়ালৰ লোকে বন্তি প্ৰজ্বলনেৰে সাহসী সাংবাদিক গৰাকীক স্মৰণ কৰাৰ লগতে এই অনুষ্ঠানত বহু কেইগৰাকী সৰ্তীথ তথা জ্যেষ্ঠ বিষয়া -ববীয়া উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *