আজি ১ অক্টোবৰ অসম আৰক্ষী দিৱস

Share
সুপ্রিয়া তৰফদাৰ 
গুৱাহাটী, ১ অক্টোবৰঃ আজি ৭১ সংখ্যক অসম আৰক্ষী দিৱস। আৰক্ষীৰ এই বিশেষ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম আৰক্ষীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। উল্লেখ্য যে আই পি এছ বিষয়া কে আৰ চৌধুৰীৰ স্মৃতিত প্রতি বছৰে ১ অক্টোবৰত অসম আৰক্ষী দিৱস পালন কৰা হয়। ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখী, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি  মহন্তৰ উপস্থিতিত চতুৰ্থ অসম আৰক্ষীত গুৱাহাটীৰ কাহিলিপাৰাস্থিত অসম আৰক্ষী দিৱস পালন কৰা হৈছে। আজি এই বিশেষ দিনটোত নগাঁৱ আৰক্ষী হাস্পতালত অনুষ্ঠিত কৰা হৈছে এক ৰক্তদান শিবিৰ। এই ৰক্তদান শিবিৰ সকলোৰ বাবে মুকলি কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *