আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। প্ৰতি বছৰে ২১ মে’ তাৰিখে সমগ্ৰ বিশ্ব জুৰি এই দিৱস উদযাপন কৰা হয়। সমগ্ৰ বিশ্বত চাহ দীঘলীয়া ইতিহাস আৰু চাহ কৃষিৰ লগত জড়িত অৰ্থনীতি আৰু সংস্কৃতিক গুৰুত্বৰ সন্দৰ্ভত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে এই দিৱস উদযাপন কৰা হয়। ২০১৯ চনৰ ২১ ডিচেম্বৰ তাৰিখে বিশ্ব সংঘৰ খাদ্য আৰু কৃষি সংস্থাই এই দিৱসৰ আৰম্ভণি কৰিছিল। সমগ্ৰ বিশ্বতেই প্ৰতি দিনেই ৫বিলিয়ন কাপ চাহ গ্ৰহণ কৰে। পানীৰ পাছত পৃথিৱীৰ দ্বিতীয় আটাইতকৈ বেছি গ্ৰহণ কৰা পনীয় বিধেই হৈছে চাহ।
অসমৰ গৌৰৱোজ্জল ২০০ বছৰীয়া চাহ উদ্যোগে বৰ্তমান সমগ্ৰ বিশ্বতেই সমাদৰ লাভ কৰিছে। ইয়াৰ আঁৰত আছে চাহ উদ্যোগৰ শ্ৰমিক-কৰ্মচাৰী তথা অসমৰ চাহৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে অহোপুৰুষাৰ্থ কৰা ব্যক্তি, অনুষ্ঠান-প্ৰতিষ্ঠান। ভাৰতৰ চাহ উদ্যোগৰ ক্ষেত্ৰখনত অসমৰ বৃহৎ অৱদান আছে। ভাৰতৰ চাহ উদ্যোগৰ প্ৰায় ৭০০ মিলিয়ন অৰ্থাৎ ৫০ শতাংশই অসমে উৎপাদন কৰে। ৰবাৰ্ট ব্ৰুছে উজনি অসমত প্ৰথবাৰ বাবে চাহ আৱিষ্কাৰ কৰিছিল। তেওঁ এই আৱিষ্কাৰত তেওঁৰ সহায় কৰিছিল চিংফৌসকলে। বৰ্তমান সমগ্ৰ বিশ্বতেই অসমৰ চাহে বিশেষ সমাদৰ লাভ কৰিছে।