আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস। নিজৰ মাতৃভাষা প্ৰতিগৰাকী ব্যক্তিৰে স্বাভিমান। প্ৰতিগৰাকী লোকেই আজি সগৌৰৱে নিজৰ আইৰ মুখৰ ভাষাটিৰ দিৱস পালন কৰিছে। ১৯৯৯ চনৰ ১৭ নৱেম্বৰত মাতৃভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ তথা সকলো ভাষা সংৰক্ষণৰ উদ্দেশ্যেৰে ইউনেস্কোই প্ৰথম এই দিৱসৰ কথা ঘোষণা কৰে। এই দিনটো বিশ্বজুৰি ভাষাৰ বৈচিত্ৰ, সাংস্কৃতিক পৰম্পৰা আৰু ভাষাৰ অধিকাৰ ৰক্ষাৰ বাবে উদযাপন কৰা হয়।ভাষা হৈছে এটা জাতিৰ সাংস্কৃতিক পৰিচয় লগতে মানুহৰ চিন্তা,অনুভূতি আৰু সাংস্কৃতিৰ প্ৰকাশৰ এক শক্তিশালী মাধ্যম যাৰ জড়িয়তে এটা জাতিৰ ইতিহাস,সংস্কৃতি,জ্ঞান আৰু জীৱনধাৰা প্ৰকাশ পায়। আন্তৰ্জাতিক মাতৃভাষা দিৱসে ভাষাৰ মৰ্যাদা ৰক্ষা কৰি প্ৰতিটো ভাষাক সন্মান জনোৱাৰ আহ্বান জনায়। আজিৰ দিনটোত বিশ্ববাসীয়ে নিজ মাতৃভাষাৰ প্ৰতি গৌৰৱ অনুভৱ কৰে আৰু ভাষাৰ বৈচিত্ৰক সন্মান কৰাৰ প্ৰতিও দায়বদ্ধ হয়। বিশ্বজুৰি প্ৰায় ৭০০০ ৰো অধিক ভাষা আছে কিন্তু বৰ্তমান ইয়াৰে প্ৰায় ২৫০০ তকৈয়ো অধিক ভাষা সংকটৰ গৰাহত।ভাষাৰ বৈচিত্ৰ হ্ৰাস পোৱাটো মানৱ সভ্যতাৰ বাবে এক ডাঙৰ ক্ষতি। ভাষাই এটা জাতিৰ সংস্কৃতি আৰু ঐতিহ্যক প্ৰতিনিধিত্ব কৰে।ভাষা হেৰাই গলে সংস্কৃতিও হেৰাই যায়। আন্তৰ্জাতিক মাতৃভাষা দিৱসে আমাক ভাষাৰ মৰ্যাদা ৰক্ষা কৰি ভাষাৰ বৈচিত্ৰক সন্মান জনোৱাৰ প্ৰেৰণা দিয়ে। গতিকে আইৰ মুখৰ ভাষাটিক ৰক্ষা কৰাটো সকলোৰে এক মৌলিক কাম্য হোৱা উচিত।