আজি আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ দিৱস

Share

১৯৯২ চনৰ ২২ মে’ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত জৈৱ বৈচিত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই দিৱস আয়োজনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।সন্মিলনৰ নাইৰবি চূড়ান্ত আইনৰ আধাৰত গ্ৰহণ কৰা হৈছিল এই সিদ্ধান্ত।বিগত সময়ত এই দিৱস পালন কৰি অহা হৈছে বিভিন্ন শ্লগানেৰে।২০২৫ চনৰ আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ দিৱসৰ বিষয়বস্তু হ’ল- ‘Harmony with nature and Sustainable development’ উল্লেখ্য যে জৈৱ বৈচিত্ৰ মানে বিভিন্ন প্ৰকাৰৰ উদ্ভিদ,প্ৰাণী আৰু অনুজীৱৰ ক্ষেত্ৰ।জৈৱ বৈচিত্ৰ সম্পদৰ ওপৰত ভিত্তি কৰিয়েই গঢ়ি উঠিছে সভ্যতা।মানুহৰ আহাৰৰ ৮০ শতাংশৰো অধিক উদ্ভিদেই প্ৰদান কৰে।উন্নয়নশীল দেশবোৰৰ গ্ৰামাঞ্চলত বাস কৰা প্ৰায় ৮০ শতাংশ লোকে মৌলিক স্বাস্থ্যসেৱাৰ বাবে পৰম্পৰাগত উদ্ভিত আধাৰিত ঔষধৰ ওপৰত নিৰ্ভৰ কৰে।

কিন্ত সময়ৰ পৰিৱৰ্তনৰ লগে লগে জৈৱ বৈচিত্ৰ হেৰুওৱাটোৱে আমাৰ স্বাস্থ্যকে ধৰি বিভিন্ন ক্ষেত্ৰলৈ ভাবুকি কঢ়িয়াই আনিছে।এইটো প্ৰমাণিত হৈছে যে,জৈৱ বৈচিত্ৰৰ ক্ষতিয়ে জীৱ-জন্তৰ পৰা মানুহলৈ সংক্ৰমিক ৰোগবোৰ সম্প্ৰসাৰিত কৰিব পাৰে।যদিও জৈৱিক বৈচিত্ৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এক বিশ্বব্যাপী সম্পদ বুলি স্বীকৃতি পাইছে।কিছুমান মানৱ কাৰ্যকলাপে প্ৰজাতিৰ সংখ্যা যথেষ্ট হ্ৰাস কৰিছে।এই বিষয়টোৰ বিষয়ে ৰাজহুৱা শিক্ষা আৰু সজাগতাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰসংঘই বছৰি জৈৱ বৈচিত্ৰৰ বাবে আন্তঃজাৰ্তিক জৈৱ বৈচিত্ৰ দিৱস উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *