আজি পৱিত্ৰ মে-ডাম-মে-ফী

Share

অজি পৱিত্ৰ মে-ডাম-মে-ফী। টাই আহোমসকলৰ এটা পৰম্পৰাগত উৎসৱ। পূৰ্বপুৰুষক স্মৰণ আৰু দেশ জাতিৰ মঙ্গলৰ কাৰণে পালন কৰা হয় মে-ডাম-মে-ফী। টাই পণ্ডিতে উপৰিপুৰুষক স্মৰণ কৰাৰ উদ্দেশ্যে ১০ জন দেৱতাক বান-ফী পৰম্পৰাৰে পুজা পাতল কৰি বিশ্বশান্তি কামনা কৰা হয়। টাই আহোমৰ ফুৰালুং ধৰ্মৰ নিয়ম অনুসৰি এই উৎসৱ পালন কৰা হয়। মে-ডাম-মে-ফী টাই আহোম ভাষাৰ শব্দ। যাৰ অৰ্থ হৈছে- ‘মে’ মানে প্রার্থনা, উপাসনা বা পূজা কৰা,  ‘ডাম’ মানে মৃতক আৰু ‘ফী’ মানে হ’ল দেৱতা। টাই আহোমসকলৰ এই ধৰ্মীয় সামাজিক উৎসৱৰ যোগেদি উপৰিপুৰুষ সন্তুষ্ট হৈ স্বৰ্গৰ পৰাই আশীৰ্বাদ প্ৰদান কৰে বুলি বিশ্বাস আছে।

সদৌ টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়া গৌতম দিহিঙ্গীয়াই মে-ডাম-মে-ফী সন্দৰ্ভত কয় যে, “আহোমৰ ছশ বছৰীয়া ৰাজত্বকালৰ এক বর্ণিল সময়ছোৱাত ৰাজকীয়ভাবে স্বৰ্গদেউসকলে মে-ডাম-মে-ফী পালন কৰিছিল। আহোম বুৰঞ্জীত উল্লিখিত চাওল্যুং চ্যু-কা-ফা, চাওফা, ছুহুংম্যুং অথবা দিহিঙ্গীয়া ৰজা, গড়গঞা ৰজা (ছু-ক্লেন্-ম্যুং), ছু-ছেং-ফা (প্রতাপ সিংহ), চক্রধ্বজ সিংহ, ল’ৰাৰজা অথবা চুলিকফা, গদাধৰ সিংহ, প্রমত্তসিংহ, লক্ষ্মীসিংহ, গৌৰীনাথ সিংহ, চন্দ্রকান্ত সিংহ আদি স্বৰ্গদেউসকলৰ ৰাজত্বকালত মে-ডাম-মে-ফী ৰাজকীয়ভাৱে অনুষ্ঠিত কৰিছিল বুলি বুৰঞ্জীত উল্লেখ আছে।”

দিহিঙ্গীয়াই আৰু কয় যে, “স্বৰ্গদেউ চ্যুকাফাৰ ৰাজত্বকালৰ পৰাই অনুষ্ঠিত কৰি অহা এই মে-ডাম-মে-ফী সন্দৰ্ভত বুৰঞ্জীত উল্লেখ আছে এনেদৰে-

দিন চিপ্ ছঙ চাম্ চাও ফা (ছু-হুম) ম চে হুঙ মে-ডাম-জাও।

চাও ফা ছু-ছেঙক মে-ডাম-মে-ফী জাও চাম হাউ নক ফী নাম তি লাউ।”

সমগ্ৰ ৰাজ্যতে টাই আহোমসকলে পালন কৰিছে মে-ডাম-মে-ফী। আজি পুৱাৰ ভাগতে মে-ডাম-মে-ফীৰ লগত সংগতি ৰাখি মহানগৰীৰ নটবমাৰ চ্যুকাফা ক্ষেত্ৰত বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পাছতেই মহানগৰীৰ নটবমাৰ চ্যুকাফা ক্ষেত্ৰৰ বাবে ২ কোটি টকাৰ অনুদান ঘোষণা কৰাৰ লগতে কংগ্ৰেছৰ দেৱাল লিখনৰ ওপৰটো মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *