অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্মদিন উপলক্ষ্যে সদৌ অসম ছাত্ৰ সন্থা,অসম উন্নতি সভা আৰু অসম সেনাই প্ৰতিবছৰে এজন আৰ্দশ কৃষকক উদ্যমিতা আৰু স্বাৱলম্বিতাৰ ক্ষেত্ৰখনত নিজে সফল হোৱাৰ লগতে আনকো অনুপ্ৰাণিত কৰাৰ বাবে অম্বিকাগিৰী ৰায়চৌধুৰী স্মাৰক বঁটা প্ৰদান কৰি আহিছে।অসমীয়া সাহিত্যৰ ভৰাল চহকী কৰি থৈ যোৱা কুৰি শতিকাৰ অসমৰ এজন কবি হোৱাৰ উপৰিও অম্বিকাগিৰী ৰায়চৌধুৰী আছিল একাধাৰে গীতিকাৰ,গায়ক,গদ্য-লেখক, সংবাদ-সেৱী,আলোচনী সম্পাদক,সমাজ-সেৱক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সংগ্ৰামী।এই স্বনামধন্য ব্যক্তিজনৰ স্মৃতিতে প্ৰদান কৰা হ’ব এই বিশেষ বঁটা।এই বৰ্ষত স্মাৰক বঁটাটি প্ৰদান কৰা হ’ব বিশ্বনাথ জিলাৰ পাভৈ অঞ্চলৰ এজন আৰ্দশ কৃষক নীলম দত্তক।তেঁও ‘লক্ষ্মী কৃষি বহুমুখী প্ৰকল্প’ৰ অন্যতম মুৰব্বী হোৱাৰ উপৰিও ‘পাভৈ গ্ৰীনছ প্ৰাইভেট লিমিটেড’ৰ প্ৰতিষ্ঠাপক।
ইতিমধ্যে নীলম দত্তই কৃষি গৱেষণা ক্ষেত্ৰখনত যথেষ্ট সফলতা অৰ্জন কৰিছে।লগতে তেঁও আন কৃষকসকলকো সংস্থাপনৰ বাট দেখুৱাই আৰ্দশৰ প্ৰতীক হৈ পৰিছে।নীলম দত্ত দেশীয় ধানৰ উপৰিও বিভিন্ন শাক-পাচলি,ফল-মূল,মাছ পালন,গৰু পালন ইত্যাদিৰ লগত জড়িত।জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খোৱা দেশীয় বীজ সংৰক্ষণ কৰি অন্য কৃষকসকলক প্ৰক্ষিক্ষণ দি স্বাৱলম্বী হোৱাত সহায় কৰে।এই বঁটা প্ৰদান কৰা হ’ব অহা ১৮ ডিচেম্বৰত দিনৰ ২ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত।অনুষ্ঠানত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা,সাধাৰণ সম্পাদক সমীৰণ ফুকন,অসম উন্নতি সভাৰ সভাপতি ড০ সমুজ্জল ভট্ৰাচাৰ্য,সাধাৰণ সম্পাদক শৰৎ হাজৰিকা।