তিনিখন নতুন ৰে’লসেৱাৰ শুভাৰম্ভ

Share

শুক্রবাৰে গুৱাহাটী ৰে’ল ষ্টেচনত তিনিখন নতুন ৰে’লৰসেৱাৰ শুভাৰম্ভ কৰিব কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈঞ্চৱে। এই অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰে’ল বিভাগৰ উচ্চপদস্থ বিষয়াসকল। উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি গুৱাহাটী-নৰ্থ লখিমপুৰ, নিউ বঙাইগাওঁ-গুৱাহাটী আৰু তিনিচুকীয়া-নাহৰগুনৰ মাজত চলাচল কৰিব এই নতুন ৰে’লসমূহ।গুৱাহাটী- নিউ বঙাইগাওঁ-গুৱাহাটীৰ মাজৰ দৈনিক যাত্ৰীসেৱা আৰম্ভ হ’ব ৪ জানুৱাৰীৰ পৰা। ৰে’লখনে গুৱাহাটীৰ পৰা পুৱা ৭.৫৫ বজাত যাত্ৰা আৰম্ভ কৰি একে দিনাই দুপৰীয়া ১২.১০ বজাত নিউ বঙাইগাওঁত উপস্থিত হ’ব। আনহাতে ওভতনি যাত্ৰাৰ ৰে’লখনে নিউ বঙাইগাওঁৰ পৰা দুপৰীয়া ২.৩০ যাত্ৰা আৰম্ভ কৰি নিশা আঠ বজাত গুৱাহাটীত উপস্থিত হ’ব। তিনিচুকীয়া-নাহৰগুন-তিনিচুকীয়াৰ মাজত ত্ৰি-সাপ্তাহিক এক্সপ্ৰেচৰ নিয়মীয়া যাত্ৰা ৫ জানুৱাৰীৰ পৰী আৰম্ভ কৰিব। এক্সপ্ৰেচখন নাহৰগুনৰ পৰা প্ৰতি বুধবাৰ, বৃহস্পতিবাৰ আৰু ৰবিবাৰে পুৱা ৭.৪৫ বজাত যাত্ৰা আৰম্ভ কৰি  দুপৰীয়া ২ বজাত তিনিচুকীয়াত উপস্থিত হ’ব। ওভতনি যাত্ৰাৰ দিশে এক্সপ্ৰেচখনে বৃহস্পতি বাৰ, সোমবাৰ আৰু শুকুৰ বাৰে বিয়লি ৩.৩৫ বজাত যাত্ৰা আৰম্ব কৰি একেদিনাই নিশা ৯.৪৫ বজাত নাহৰগুনত উপস্থিত হ’ব। আন এখন ৰে’ল গুৱাহাটী-নৰ্থ লখিমপুৰ-গুৱাহাটী দ্বি-সাপ্তাহিক জনশতাব্দী এক্সপ্ৰেছ প্ৰতি মঙলবাৰ আৰু বুধবাৰে জানুৱাৰীৰ ৭ তাৰিখনৰ পৰা নিজৰ যাত্ৰা আৰম্ভ কৰিব। এই ৰে’লখনে ৯.৫০ত  গুৱাহাটীৰ পৰা যত্ৰা আৰম্ভ কৰি একেদিনাই দুপৰীয়া ৪.১৪ লখিমপুৰত উপস্থিত হ’ব। ওভতনিৰ বাটত এক্সপ্ৰেছখনে লখিমপুৰৰ পৰা ৫ বজাত যাত্ৰা আৰম্ভ কৰি নিশা ১১.২৫ত গুৱাহাটীত উপস্থিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *