বকোত পুৱাতে চোৰাং গৰুসহ তিনিখনকৈ গাড়ী জব্দ

Share

নিবেদিতা ভৰালী

৯ আগষ্টঃ কামৰূপ জিলাৰ বকোত আজি পুৱাতে চোৰাং গৰু সহ তিনিখনকৈ গাড়ী জব্দ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী বকো থানাৰ অন্তৰ্গত ছেখাদাৰীগাঁৱত হেকেৰা-চুকুনীয়াপাৰা গড়কাপ্তানী পথেৰে ৩৭টা গৰু এএচ- ০১ /ইচি-০৫৭২ , এএচ-২৫/এচি-৪৫৬৩ আৰু এএচ-২৫/ ডিচি-৯৭৫০ নম্বৰৰ ডি আই গাড়ী তিনিখনেৰে কঢ়িয়াই নি থাকোতে বেকেল আঞ্চলিক ৰাভা ছাত্ৰ সন্হাই জব্দ কৰে ।ৰাভা ছাত্ৰ সংগঠনটোৱে গৰু সহ গাড়ী জব্দ কৰাৰ লগে লগে গাড়ীত থকা চালক কেইগৰাকী পলাই পত্ৰং দিয়ে । পিছত ছাত্ৰ সংগঠনটোৱে জব্দ কৰা চোৰাং গৰু সহ গাড়ী তিনিখন বকো আৰক্ষীক গোটাই দিয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *