লোনা সন্দিকৈ ২২ ছেপ্তম্বৰঃ বহুল চৰ্চিত মণিপুৰৰ মহিলা আৰক্ষী বিষয়া থৌনাওজাম বৃন্দা প্ৰতিদ্বন্দিতা আগবঢ়াব মণিপুৰৰ বিধানসভা নিৰ্বাচনত। আগন্তক ২০২২ চনৰ মণিপুৰৰ বিধানসভা নিৰ্বাচনত য়াইচকুল বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে ২০১৮ চনত ড্ৰাগছৰ বিৰুদ্ধে তথা মণিপুৰৰ চোৰাং ব্যৱসায় নিয়ন্ত্ৰণৰ বাবে চলোৱা অভিযানৰ বাবে সৰ্বতে চৰ্চিত হৈ পৰিছিল।সেই দু -সাহসীক অভিযানৰ বাবে মণিপুৰৰ মূখ্যমন্ত্ৰীয়ে আৰক্ষী পদক প্ৰদান পৰিছিল।পৰৱৰ্তী সময়ত ২০১৮ চনত ড্ৰাগছ ৰখা তথা সৰবৰাহৰ গোচৰত অভিযুক্ত সাত জন লোকৰ ভিতৰত স্বায়ত্বশাসিত জিলা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ লুকুচাই জোক ইম্ফলৰ এখন বিশেষ আদালতে নিৰ্দোষী সাব্যস্ত কৰাত সেই বঁটা ঘূৰাই দিয়ে ।এই নিৰ্ভীকতাই তেওঁক পুনৰ সৰ্বতে চৰ্চিত কৰি তুলিছিল।