এইবাৰ ‘সংবিধান বচাও ৰাৰ্ষ্ট্ৰীয় পদযাত্ৰা’ আৰম্ভ কৰিব কংগ্ৰেছে

Share

বৃহস্পতিবাৰে CWC ৰ বৈঠকৰ পিছত এই নতুন পদযাত্ৰাৰ সিদ্ধান্ত লোৱা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ গাঁৱৰ পৰা চহৰলৈ দলটোৱে চলাবলগীয়া এই অভিযানক ‘সংবিধান বচাও ৰাৰ্ষ্ট্ৰীয় পদযাত্ৰা’ নাম দিয়া হৈছে। ভাৰত জোড়ো যাত্ৰা আৰু ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পিছত এইবাৰ আন এক পদযাত্ৰাৰ বাবে সাজু হৈছে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ। ‘সংবিধান বচাও ৰাৰ্ষ্ট্ৰীয় পদযাত্ৰা’ CWC ৰ বৈঠকৰ পিছত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে এই প্ৰচাৰৰ কথা ঘোষণা কৰে। অহা বৰ্ষৰ ২৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এই পদযাত্ৰা ২০২৬ চনৰ জানুৱাৰীলৈকে চলিব।বেনুগোপালে ২০২৫ চনত কংগ্ৰেছৰ সাংগঠনিক সংস্কাৰ কাৰ্যসূচীত গুৰুত্ব দিয়া হ’ব আৰু এই কাৰ্যসূচীত দলৰ ভিতৰত সকলো স্তৰৰ নেতাৰ সামৰ্থ্যৰ সম্যক মূল্যায়ন কৰা হ’ব বুলি উল্লেখ কৰে। কংগ্ৰেছৰ এই পদযাত্ৰাকে ধৰি ১৩ মাহজোৰা ৰাজনৈতিক প্ৰচাৰৰ কথা ঘোষণা কৰি সংবিধানৰ ওপৰত হোৱা কথিত আক্ৰমনৰ লগতে মূল্যবৃদ্ধি আৰু দুৰ্নীতিক লৈ জনসাধাৰণৰ উদ্বেগ আদি বিষয় উল্লেখ কৰে। ‘জয় বাপু’ ‘জয় ভীম আৰু জয় সংবিধান অভিযান’ আৰম্ভ কৰিব বুলি তেঁও জানিবলৈ দিয়ে। এই অভিযান ধাৰাবাহিকভাৱে পদযাত্ৰা আৰু গাঁও, ব্লক, জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ ৰেলীৰে গঠিত এক স্থায়ী অভিযান হ’ব বুলি বেনুগোপালে সদৰি কৰে। লগতে ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু স্থানীয় পৰ্যায়ৰ নেতৃত্বই এই অভিযানৰ নেতৃত্ব দিব বুলিও তেওঁ জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *