এইবাৰ গুৱাহাটীতো অনুষ্ঠিত হ’ব মহিলা বিশ্বকাপৰ খেল

Share

মহিলা এদিনীয়া বিশ্বকাপৰ ক্ৰয়োদশ সংস্কৰণৰ দিন আৰু স্থান সোমবাৰে ঘোষণা কৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে।৩০ চেপ্টেম্বৰৰ পৰা ২ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন আঠটা দলৰ মাজত অনুষ্ঠিত হ’ব।ইয়াৰ সকলো খেল ভাৰত আৰু শ্ৰীলংকাৰ পাঁচটা স্থানত অনুষ্ঠিত হ’ব।গুৱাহাটীতো অনুষ্ঠিত হ’ব মহিলা এদিনীয়া বিশ্বকাপৰ খেল।১২ বছৰৰ পাছত ক্ৰিকেটপ্ৰমী দেশ অৰ্থাৎ ভাৰতত অনুষ্ঠিত হ’বলগীয়া মহিলা ক্ৰিকেট বিশ্বকাপৰ আৰম্ভণি অহা ৩০ চেপ্টেম্বৰত বেংগালুৰুত ভাৰতৰ সৈতে এখন ব্লকবাষ্টাৰ মেচৰে হ’ব।

আই চি চিয়ে কয় যে-২৯ অক্টোবৰত গুৱাহাটী বা কলম্বোত প্ৰথমখন ছেমি ফাইনেল অনুষ্ঠিত হ’ব।আনহাতে দ্ধিতীয়খন ছেমি ফাইনেল পিছদিনা ৩০ অক্টোবৰত বেংগালুৰুত অনুষ্ঠিত হ’ব।২ নৱেম্বৰ দেওবাৰে বেংগালুৰু বা কলম্বোত অনুষ্ঠিত হব ২০২৫ চনৰ মহিলা এদিনীয়া বিশ্বকাপৰ ফাইনেল।আই চি চিয়ে লগতে কয় যে-মহিলা বিশ্বকাপৰ অংশগ্ৰহণ কৰা আঠটা দল ভাৰত,অষ্ট্ৰেলিয়া,ইংলেণ্ড,দক্ষিন আফ্ৰিকা, নিউজীলেণ্ড, শ্ৰীলংকা,বাংলাদেশ আৰু পাকিস্তান।

আই চি চিৰ অধ্যক্ষ জয় শ্বাহে কয়-ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড,ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে অনাগত মাহত আয়োজন কৰিবলগীয়া বিশ্বব্যাপী মহিলা প্ৰতিযোগিতা দুখন সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ ঘোষণা কৰিবলৈ পাই আমি উৎফুল্লিত হৈছো।শেহতীয়া বছৰবোৰত অনুৰাগীসকলে মহিলাৰ খেলখনৰ প্ৰতি যথেষ্ট সমৰ্থন দেখুৱাইছে আৰু মই নিশ্চিত যে এতিয়া যেতিয়া তেওঁলোকৰ গুৰুত্বপূৰ্ণ তাৰিখ আৰু স্থান আছে,গতিকে তেওঁলোকে ইয়াৰ প্ৰতি নিজৰ সমৰ্থন দিব।মহিলা ক্ৰিকেট আমাৰ দৃষ্টিভংগীৰ আগশাৰী আমি বিশ্বাস কৰোঁ যে এই দুখন আগন্তক প্ৰতিযোগিতাই শেহতীয়া বছৰবোৰত আমি গঢ়ি তোলা অবিশ্বাস্য গতি বজাই ৰখাই নহয়,ইয়াক আমি অধিক উচ্চতালৈ লৈ যাব।

ইয়াৰ সমান্তৰালকৈ আই চি চি মহিলা টি-২০ বিশ্বকাপ ২০২৬ৰ দিন আৰু স্থানো ঘোষণা কৰিছে আই চি চিয়ে৷অহা ১২ জুনত বাৰ্মিংহামৰ এডগবাষ্টনত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপৰ প্ৰথমখন খেল আৰু আয়োজক ইংলেণ্ডে প্ৰতিযোগিতাখনৰ আৰম্ভণি কৰিব৷লণ্ডনৰ অ’ভেলত ক্ৰমে ৩০ জুন আৰু ২ জুলাইত দুয়োখন ছেমি ফাইনেল অনুষ্ঠিত হ’ব৷আনহাতে ৫ জুলাইত আইকনিক লৰ্ডছ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব ফাইনেল৷ইংলেণ্ডৰ অল্ড ট্ৰেফৰ্ড ক্ৰিকেট খেলপথাৰ, লিডছৰ হেডিংলি, বাৰ্মিংহামৰ এডগবাষ্টন, চাউথমপটনৰ হেম্পশ্বাৰ বাউল, ব্রিষ্টলৰ ব্রিষ্টল কাউন্টি খেলপথাৰ আৰু লণ্ডনৰ দ্য অ’ভাল এণ্ড লর্ডছকে ধৰি ইংলেণ্ডৰ ৭টা ভিন্ন স্থানত ৩৩খন খেল অনুষ্ঠিত হ’ব৷এইটোৱেই হৈছে বৰ্তমানলৈকে হোৱা মহিলা টি-২০ বিশ্বকাপৰ আটাইতকৈ ডাঙৰ সংস্কৰণ, য’ত ১২টা দলে এই আকাংক্ষিত ট্ৰফীৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে৷

আয়োজক ইংলেণ্ড, অষ্ট্ৰেলিয়া, ভাৰত, পাকিস্তান, শ্ৰীলংকা, দক্ষিণ আফ্ৰিকা, ৱেষ্ট ইণ্ডিজ আৰু ডিফেণ্ডিং চেম্পিয়ন নিউজীলেণ্ডকে ধৰি ৮টা দলে ইতিমধ্যে প্ৰতিযোগিতাখনৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে অহা বছৰ কোৱালিফায়াৰৰ জৰিয়তে আৰু চাৰিটা দলে তেওঁলোকৰ সৈতে যোগদান কৰিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *