নিউজ ডেস্ক,২২ অক্টোবৰঃ বেংক অফ ইণ্ডিয়াই পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে ইয়াৰ সূতৰ হাৰ হ্ৰাস কৰিছে । বেংকৰ গৃহ ঋণৰ হাৰ এতিয়া ৮.৩০ শতাংশৰ পৰা আৰম্ভ হৈছে । লগতে, বেঙ্কে ৩১ ডিচেম্বৰ,২০২২ লৈকে গৃহ ঋণ লোৱা গ্ৰাহকৰ পৰা আদায় নকৰে প্ৰক্ৰিয়াকৰণ মাচুল ।
উল্লেখ্য যে,এই অফাৰটো মাটি ক্ৰয় কৰি, ঘৰ এটা নিৰ্মাণ কৰিবলৈ, ঘৰ মেৰামতি কৰিবলৈ অথবা নতুন ঘৰ বা এপাৰ্টমেণ্ট কিনিবলৈ ব্যৱহাৰ কৰা হয়।
তদুপৰি ভাৰতীয় ষ্টেট বেংকে দীপাৱলী উপলক্ষে গৃহ ঋণৰ সূতৰ হাৰ ০.২৫ শতাংশ হ্ৰাস কৰিছে । বেংকে টপ আপ ঋণৰ ওপৰত ০.১৫ শতাংশ ৰেহাই আৰু সম্পত্তিৰ ওপৰত ঋণৰ ওপৰত ০.৩০ শতাংশ ৰেহাই দিছে । বেংকে জানুৱাৰী ২০২৩ লৈকে প্ৰক্ৰিয়াকৰণ মাচুল আদায় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এতিয়া বেংকৰ গৃহ ঋণৰ সূতৰ হাৰ আৰম্ভ হৈছে ৮.৪০ শতাংশৰ পৰা ।