গায়ন বায়নৰ পৰম্পৰা যাতে কেৱল নামঘৰ, সত্ৰতে সীমাবদ্ধ হৈ নাথাকে তাৰ বাবে চেষ্টা কৰিছে মৃদংগীয়া গায়ন-বায়ন সংস্থাই । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টি গায়ন-বায়ন। য’ত খোল আৰু তালৰ দৰে দেৱবাদ্য ব্যৱহাৰ কৰা হয়। গায়ন-বায়ন পৰিৱেশনত মৃদংগ ব্যৱহাৰ কৰিলে মৃদংগীয়া গায়ন-বায়ন বুলি কোৱা হয় ।
গুৰুজনাৰ সৃষ্টি গায়ন-বায়ন অসমৰ সংস্কৃতিৰ অমূল্য সম্পদ। এই সংস্কৃতি নতুন প্ৰজন্মৰ মাজলৈ কঢ়িয়াই নিবলৈ গঠন হোৱা মৃদঙ্গীয়া গায়ন-বায়ন সংস্থাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচী হাতত লৈ আহিছে ।এইবাৰ ডিব্ৰুগড় জিলাৰ টিংখাঙৰ টিপমীয়া-ধোৱাপথাৰ সপ্ত মুক্তিযোদ্ধা সোঁৱৰণী মৃদংগীয়া কলাক্ষেত্রত শনিবাৰৰ পৰা মৃদংগীয়া গায়ন-বায়ন সংস্থা, অসমৰ পূর্ণাংগ দ্বি-বার্ষিক ৰাজ্যিক অধিৱেশন আৰু ৭ দিনীয়া অখণ্ড ভাগৱত পাঠ তথা শ্রীশ্রী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীৰ বাহৰ অনুষ্ঠান বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হয় ।
ডিব্রুগড় জিলা মৃদংগীয়া গায়ন-বায়ন সংস্থাৰ উদ্যোগত আৰু টিংখাং আঞ্চলিক সমিতিৰ সৌজন্যত টিপমীয়া-ধোৱাপথাৰ, ৰাজগড়বাসীৰ আতিথ্যত টিংখাংবাসীৰ সহযোগত অনুষ্ঠিত কাৰ্যসূচীৰ দ্বিতীয় দিনা মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শ্রীশ্রী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামী, ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বড়াসহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । মুকলি সভাৰ পাছতে অসমৰ বিভিন্ন জিলাৰ পৰা অহা ৩ সহস্ৰাধিক উদীয়মান মৃদংগীয়া বাদ্য শিল্পীৰ দ্বাৰা একেলগে পৰিৱেশন কৰা হয় মৃদংগীয়া গায়ন-বায়ন । যি দৃশ্য আছিল অতি নান্দনিক ।