অযোধ্যাত বিশ্বৰ প্ৰথমটো ৰামায়ণ থীমযুক্ত মমৰ সংগ্ৰহালয় মুকলি

Share

অযোধ্যা ৰাম মন্দিৰৰ পিছত  এইবাৰ অযোধ্যাই আন এক ঐতিহাসিক সংগ্ৰহালয় নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি তুলিছে।  বিশ্বৰ প্ৰথমটো ৰামায়ণ থীমযুক্ত মমেৰে নিৰ্মিত  সংগ্ৰহালয় নিৰ্মাণৰ কাম ইতিমধ্যে সম্পন্ন কৰা হৈছে । চৌৰাচী কোচি পৰিক্ৰমা মাৰ্গত কাশীৰাম কলনীৰ বিপৰীতে অৱস্থিত এই সংগ্ৰহালয় ভক্তসকলৰ বাবে এক নতুন বিশ্বাসৰ কেন্দ্ৰ হৈ পৰাৰ উপৰিও,ত্ৰেতা যুগৰ আভাস দিয়াৰ বাবে এই সংগ্ৰহালয় নিৰ্মাণ কৰা হৈছে যি পৰবৰ্তী পৰ্যায়ত  বিশ্ব পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব ।

        ৯,৮৫০ বৰ্গফুট এলেকাত বি এই সম্পূৰ্ণ শীততাপ নিয়ন্ত্ৰিত সংগ্ৰহালয়টো নিৰ্মাণ কৰোতে ব্যয় হৈছে প্ৰায় ৬ কোটি টকা ।নৱম দীপাৱলী সমাৰোহ উদযাপনৰ সময়তে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই সংগ্ৰহালয়টো উদ্বোধন কৰাৰ সম্ভাৱনা আছে ।এই সংগ্ৰহালয় ভিতৰ চোৱালৈ সোমাই যোৱাৰ লগে লগে ৰাম ধ্বনিৰ সুৰীয়া শব্দৰে ত্ৰেতা যুগৰ সুগন্ধি পাব  দৰ্শনাৰ্থীয়ে।শ্ৰীৰামকে ধৰি ৫০ টা মূল চৰিত্ৰৰ জীৱন্ত মমৰ মূৰ্তি ইয়াত প্ৰদৰ্শিত হ’ব, ৰামায়ণৰ সমগ্ৰ কাহিনীক ইয়াত প্ৰাণৱন্ত কৰি তোলা হ’ব ।এই সংগ্ৰহালয়টোত এবাৰত ১০০ জন লোকৰ প্ৰৱেশৰ সুবিধা থাকিব । দৰ্শনাৰ্থীয়ে ভিতৰলৈ খোজ দিয়াৰ লগে লগে ত্ৰেতা যুগৰ সুগন্ধি আৰু ৰাম ধ্বনিৰ সুৰীয়া শব্দৰে পৰিৱেশ ভৰি পৰিব । 

 এই সংগ্ৰহালয়ত দক্ষিণ ভাৰতীয় স্থাপত্য শৈলীত নিৰ্মাণ কৰা হৈছে যি দক্ষিণ ভাৰতীয় পৰম্পৰাগত স্থাপত্যৰ এক সুন্দৰ মিশ্ৰণ প্ৰদৰ্শিত হৈছে।দুমহলীয়া এই ভৱনটোত তলৰ মহলাত ভগৱান ৰামৰ শৈশৱৰ পৰা আৰম্ভ কৰি সীতাৰ স্বয়ম্বৰলৈকে বিভিন্ন ঘটনাৰ চিত্ৰণ পোৱাৰ বিপৰীতে প্ৰথম মহলাত নিৰ্বাসন আৰু লংকা দহন, ৰাম-ৰাৱণৰ যুদ্ধৰ ভৱিষ্যৎৰ আভাস পোৱা যায়।মমৰ মডেলত নিৰ্মিত প্ৰতিটো মূৰ্তিতে চৰিত্ৰসমুহ জীৱন্ত হৈ উঠিছে।প্ৰৱেশদ্বাৰৰ আৰম্ভণিতে ভগৱান গণেশৰ এক মূৰ্তিৰে আৰম্ভ হ’ব, যিয়ে বাধা আঁতৰোৱা হিচাপে যাত্ৰাৰ আৰম্ভণিৰ ইংগিত দিয়ে । ইয়াৰ পিছতে ৰাম লালাৰ শৈশৱৰ ৰূপত মমৰ প্ৰতিমূৰ্তিৰ সৈতে চেলফি লোৱাৰ বিশেষ ব্যৱস্থা কৰা হৈছে ।এই সংগ্ৰহালয়টো পৌৰ নিগমৰ সহযোগত চলিব । সংগ্ৰহালয়টোৰ ৰাজহৰ ১২% পোনপটীয়াকৈ পৌৰ নিগমলৈ যাব,বুলিপৌৰ আয়ুক্ত জয়েন্দ্ৰ কুমাৰে উল্লেখ কৰে । যিয়ে অযোধ্যাৰ উন্নয়নত অৰিহণা যোগাব ।

এই সংগ্ৰহালয়টো কেৰালাৰ প্ৰখ্যাত সুনীল ৱাক্স মিউজিয়াম কোম্পানীয়ে নিৰ্মাণ কৰিছিল । কোম্পানীটোৰ মুৰব্বী সুনীলে কয়,”আমি ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰৰ লোনাভালা আৰু কেৰালাৰ তিৰুৱনন্তপুৰমত চেলিব্ৰিটি মমৰ সংগ্ৰহালয় নিৰ্মাণ কৰিছোঁ।”

সংগ্ৰহালয়ৰ টিকটৰ দাম মাত্ৰ ১০০ টকা ।লগতে  চিচিটিভি কেমেৰা আৰু নিৰাপত্তাৰক্ষীয়ে সংগ্ৰহালয়টো ২৪ ঘন্টাই নিৰীক্ষণ কৰি থাকিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *